পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/২৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৭২
অসমীয়া সাহিত্যৰ অধ্যয়ন


আক মেট্ৰন, ছাৰ্জ্জন দুয়ো আংশিকভাৱে সেই ঘটনা দেখি তাৰ বাবে ৰুবীকে জগৰীয়া বুলি ধৰাত তেওঁ সেই অনুষ্ঠান এৰি আহিবলৈ বাধ্য হয়। আচৰিত কথা, এইবাৰো ৰুবীয়ে নিজ নিৰ্দ্দোষিতা প্ৰমাণ কৰিবলৈ অকণো যত্ন নকৰি সেই অন্যায় অবিচাৰ আৰু অপমান শিৰত লৈ আঁতৰি আহিল।

 তৃতীয় বাৰ ৰুবী আহি মিন্ট” এছছিয়েস্যনৰ কামত সোমাল। তেওঁৰ জীৱনৰ এই তৃতীয় অধ্যায়ৰ ভিতৰতে ভনীয়েক লিলীৰ এটা বিপৰ্য্যয় ঘটিল। আৰু তাৰ অগপ দিনৰ পিছতে লিলী মৃত্যুৰ মুখত পৰিল। এই ঘটনাই ৰুবীৰ সাংসাৰিক সকলো আশা-ভৰসাৰ মূলত কুঠাৰ মাৰিলে; কিয়নো দুয়ো পিতৃ-মাতৃ-হীনা হলেও ৰুবীয়ে নিজ পাখিৰ আঁৰ দি সৰ্ব্বস্ব ত্যাগ কৰি লিলীক ডাঙৰ-দীঘল কৰিছিল।

 ৰুবীৰ জীৱনৰ এই বাহ্যিক বিফলতা ঢালখনৰ এটা ফাল মাথোন। তাৰ ভিতৰত নেদেখা ফালটোত বিধাতা পুৰুষে কি লিখি আছে তাক কোনেও, আন নালাগে ৰুবীয়েও, নাজানে। অপাৰেটিং থিয়েটাৰৰ নাৰ্ছ নিযুক্ত হোৱাৰ লগে লগে তাৰ ছাৰ্জন প্ৰদীপ হাজৰিকাৰ লগত তেওঁৰ দেখা-দেখি। ছাৰ্জন হাজৰিকাৰ ব্যৱহাৰ অদ্ভুত ধৰণৰ, গতিকে পোনৰ দেখা-দেখিৰ পৰা দুইৰো মাজত আসক্তি আৰু বিৰক্তিৰ উভয় ভাবেই তল-ওপৰ হৈ চলিছিল। সেই ছাৰ্জন হাজৰিকায়ে ৰুবীক এদিন বাটত দেখি উপচি তেওঁৰ 'কাৰ'ত তুলি আনে। আৰু সেই ছাৰ্জন হাজৰিকায়ে তেওঁক অপাৰেটিং ৰুমৰ “ডিউটি’’ত অবাঞ্ছিতজ্ঞাৱে অপমানিত কৰে। সেই ছাৰ্জন হাজৰিকায়ে আগবাঢ়ি অনেক ঠাইত ওখ সমাজ এৰিও ৰুবী চৌধুৰীৰ কাষত বহেহি, আৰু সেই ছাৰ্জন হাজৰিকায়ে নিজ হস্পিতালৰ মেট্ৰণৰ লগ লাগি ৰুবী চৌধুৰীক স্বভাৱ-চৰিত্ৰৰ সন্দেহত পেলাই কামৰ পৰা খেদায়। শেষ কথা, সেই ছাৰ্জন হাজৰিকায়ে ৰুবীৰ প্ৰাণাধিকা ভনী লিলীক এবাৰ ডাঙৰ জগৰৰ পৰা সৰুৱায় আৰু শেষত ধনীৰ জীয়ৰী মিছ, সিং আৰু উচ্চ সমাজ ত্যাগ কৰি লিলীৰ সমাধিত বহি সামান্য নাৰ্ছ ৰুবী চৌধুৰীৰ মৰম-ভিখাৰী হয়।

 এয়ে মানুহ জীৱন আৰু এয়ে তাৰ প্ৰতিচ্ছবি উপন্যাস-সাহিত্য। মিছ্ ছাইমনৰ “সজাগ নিশা’’ও আমাৰ সৰ্ব্বসাধাৰণৰ অভিজ্ঞতাৰ বাহিৰ, সমাজৰ আওহতীয়া কিন্তু অতি লাগতিয়াল এটি চুকৰ অভিনৱ মূৰ্ত্তিৰূপে সজাগ হৈ উঠিছে। স্বৰূপতে তুচ্ছ, ক্ষুদ্ৰ বা নীচ জাতি বা সমাজ কতো নাই, তাক এই