—এই নটুৱা ছন্দৰ প্ৰয়োগ কৰি অকল “সন্ধিয়াৰ জাননী”ৰ অমৰ্য্যদা আৰু
ঘৰলৈ ওলটা বাটৰুৱাৰ “পলুৱাই ভাগৰ আমনি’’ৰে পৰিহাস কৰা হোৱা নাই,
সেই অমৰ ইংৰাজ কবিতা আৰু কবিকে বিদ্ৰূপ কৰাৰ দৰেই হৈছে। অৱশ্যে
“অনিচ্ছাতো যেন অগনি পোৰে।”
এফালে অসমীয়া লব্ধপ্ৰতিষ্ঠ কবিৰত্নসকলৰ ভাঙনিৰ এই কন্দা-কটা অৱস্থা, আনফালে সভয়ে আৰু সন্তৰ্পণে কবি-উমেদাৰ হবলৈ অহা শ্ৰীমান ফুলেশ্বৰ দত্তৰ এই ভাঙনি-থুপিটি দেখি সেইবাবে মই সকাহ পাইছোঁ আৰু আশান্বিত হৈছোঁ, অসমীয়া সাহিত্যৰ ভৱিষ্যত সিমান অন্ধকাৰ নহবও পাৰে। ভুল বাটে এমাইল আগবঢ়াতকৈ ঠিক বাটে এখোজ আগ-বঢ়াটোত মই অধিক মূল্য দিব খোজোঁ৷
উমেদাৰ ৰূপে তেওঁৰ ত্ৰুটি-বিচ্যুতি নিশ্চয় যেনে স্বাভাবিক, তেনে ক্ষমা- যোগ্য; “প্ৰতিষ্ঠা’’ৰ দম্ভালি নহলে আপোনা-আপুনি তেওঁ সেইবোৰ দেখিব আৰু শুধৰাই লব পাৰিব লগে লগেই। গতিকে সেই সম্পৰ্কে সৰহ কোৱা অনাৱশ্যক। “নিচুকনি গীত’’, “প্ৰিয়হীনা পখী”, “লৰালিৰ চাৱন”, “সপোন- পোহাৰী’’ “চিৰ-সুখী”, আদি ভাঙনিবোৰে যেনে ঐকান্তিকতা তেনে স্বাভাৱিক কবিত্ব-শক্তিৰ পৰিচয় দিয়ে। কিন্তু “পৰীৰ সুৰ” আদি য’তে ত’তে পঢ়া হলে লেখকক এজন উমেদাৰ আৰু কবিতাটি এটি ভাঙনি বোলা টান হল হেতেন:—
নুটুকিবা চকুপানী, |
নাকান্দিবা সোণ তুমি |
পৰি বিৰহত; |
এই জয়-যাত্ৰাত লেখকক হিয়া-ভৰা অভিনন্দন আৰু প্ৰাণ-ভৰা আশীৰ্ব্বাদ জনাওঁ।