পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/২৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

“সজাগ নিশা” উপন্যাস—মিছ্ ছাইমন

“অথচ নাৰ্ছ বুলি জানিলেই আমাক আমাৰ দেশৰ মানুহে তুচ্ছ জ্ঞান কৰে। নাৰ্ছবিলাকক সকলোৱেই ঘৃণাৰ চকুৰে চায়।........ এনে কি, ছাৰ্জ্জন আৰু ডাক্তৰবিলাকেও নাৰ্ছবিলাকক কিমান অৱজ্ঞা কৰে, অৱহেলা কৰে। অথচ এই ডাক্তৰবিলাকেই হস্পিতালত নাৰ্ছবিলাকে সহায় নকৰিলে একো এটা কাম নিজে কৰিব নোৱাৰে। আমাৰ দেশত নাৰ্ছবিলাক সকলোৰে মানত তুচ্ছ ক্ষুদ্ৰ জীৱৰ নিচিনা।”—“সজাগ নিশা", ষষ্ঠ অধ্যায়।

 সদৃশ্ বা বিসদৃশভাৱে এনে বিৱৰণৰ এগৰাকী নাৰ্ছ বা তাতকৈ উন্নত পদবীৰ তিৰুতা এগৰাকী ধাত্ৰী বান্ধৱীৰ লগত মোক বিচাৰি ঘৰ ওলালহি। অহাৰ কাৰণ সোধাত তিৰুতাৰ স্বাভাৱিক সঙ্কোচেৰে লাহে-ধীৰে পাকে- প্ৰকাৰে মোক জনালে বোলে তেওঁ এখন কিতাপ লিখিছে আৰু তাকে মই চাই দি উপযুক্ত দেখিলে অসমীয়া পঢ়ুৱৈ সমাজৰ আগত তেওঁক চিনাকি কৰি দিব লাগে।

 নাৰ্ছ বা তিৰুতা বুলি মোৰ কোনো কুসংস্কাৰ জ্ঞাতভাৱে নাথাকিলেও, সেই কিতাপখন যে বিশেষ কিবা হ’ব এনে ধাৰণা অৱশ্যে তেতিয়া মোৰ নহ’ল। মোৰ ৰাৰ-বুৰি লেঠাৰ লেখ দি তথাপি তেওঁক কলোঁ, তিনি চাৰিমাহ মানৰ মূৰত পঠিয়াই দিলে মই তেওঁৰ কিতাপখন চাই, মোৰ বিবেচনাত উপযুক্ত হলে নিশ্চয় এখন 'চিনাকি’ লিখি দিবলৈ যত্ন কৰিম।

 সেই অনুসাৰে তেওঁ হাতে-লিখা পুথিখন পঠালে। পিছে তেতিয়াও মোৰ আজৰি নোহোৱাত জাপতে আকৌ কিছুদিন তাক গাপ দিলোঁ৷ তাৰ পাছত এদিন বিশেষ কামত ভাপ-গাড়ীত যাত্ৰা কৰিব লগা হ'ল, আৰু মোৰ সজ অনুসাৰে সেই যাত্ৰাতে পুথিখন পঢ়ি চাই আৱশ্যকীয় কাৰ্য্যকৰী দায়িত্বৰ ভাৰখন কান্ধৰ পৰা নমাবৰ উপায় চিন্তিলোঁ। “সজাগ নিশা” নামটি নিশ্চয় নৱন্যাসিক (ৰোমান্টিক)!—

“পাতে-পতি সনা তাত, কত বসন্তৰ বলিয়া বাসনা;
যৌৱনৰ নিদ্ৰাহীন কত ৰজনীৰ নিষ্ঠুৰ কামনা?”