পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/২৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৬৮
অসমীয়া সাহিত্যৰ অধ্যয়ন


অসমীয়া ভাঙনিত লেখকে এই অতি লাগতিয়াল কথাটিলৈ মন নকৰা বাবে, এনেৰোৰ কথা মহাজ্ঞানী ওমৰৰ নুবুলি “মাতাল“ৰ কথা বুলিও ভুল ধাৰণা জন্মিৰ পাৰে।

 আন এটি কথা, ছন্দ। দুৰ্ভাগ্যক্ৰমে বহুত বৰ্ত্তমান নামজ্বলা অসমীয়া লেখকেও, গানৰ লগত তাৰ সুৰৰ দৰে কবিতাৰ লগত তাৰ ছন্দৰ যে এটা ছিঙিব নোৱৰা সম্পৰ্ক আছে, তাক নভবা যেন লাগে; আৰু যেই সেই কবিতাৰ যেই সেই এটা ছন্দ দি পাল মাৰিব পাৰিলেই হল বুলি ভাবে। এনে এটা ভুল বাট দেখুৱাই আমাৰ ডেকা-গাভৰু সকলৰো যে কি অপকাৰ কৰিছে, তেওঁলোকে নিশ্চয় ভাবিব পৰা নাই। উদাহৰণ ৰূপে—টেনিছনৰ “লাইট বিগ্ৰেড” কবিতাই যেনেকৈ সৈনিকৰ বিৱৰণৰ লগতে তাষ ছন্দেৰে তেওঁলোেক মাৰ্চ্চ কৰা ধ্বনিও আমাৰ কাণত পেলাই দিছে, ৱৰ্ডছৱৰ্থৰ “লুছী গ্ৰে” কবিতাত নৃত্যমান ছন্দৰ ভিতৰেদি চপলা কিশোৰীৰ চঞ্চল পাদস্ফুৰণৰ গতিও তেনেকৈ নিৰ্দেশ কৰিছে। আনহাতে, মহাকবি কালিদাসৰ “মেঘদূতত’’—

“কশ্চিৎ কান্তাবিৰহগুৰুণা স্বাধিকাৰ-প্ৰমত্তঃ
শাপেনাস্তং গমিতমহিমা বৰ্ষভোগ্যেন ভৰ্ত্তুঃ।
যক্ষশ্চক্ৰে জনকতনয়াস্নানপুণ্যোদকেষু
স্নিগ্ধশ্ছায়তকযু বসতি বামগিৰ্য্যাশ্ৰমেষু॥’’

—আদিৰে যেনেকৈ মন্দাক্ৰান্তা ছন্দৰ সহায়েৰে মেঘৰ গহীন গমন আদিও প্ৰাণত অনুভূত কৰিহে এৰে, সেইদৰে ইংৰাজ কবি গ্ৰেৰ বিখ্যাত “ইলেজী”ৰ দীঘলীয়া ছন্দৰ সহায়েৰে অকল শোক-কবিতাৰেই নহয়, সেই গধুলিৰ ভাগৰুৱা প্ৰকৃতিৰো, মানুহ-গৰু আটাইৰে খোজ-কাটলৰ গঢ়-গতিও ফুটাই, তুলিলে। কিন্তু ঠিক এইটি কবিতাৰ ভাঙনিত—

“কাষৰ দ’লৰ পৰা ডবা-শঙ্খ বাজি
 সন্ধিয়াৰ দিলেহি জননী;
ঘৰলই উলটিছে বাটৰুৱা সৱে
 পলুৱাই ভাগৰ আমনি।”