পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/২৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৬৩
“হাঁহিৰ থুন্ পাক’’ —দুতিৰাম


 মুঠতে কব পাৰোঁ, ফাতেমা খাতুনৰ এই অভিযান নৱ অভিনৱ আৰু সফল। লেখিকাৰ এই উদ্যম প্ৰথম হব পাৰে, কিন্তু শ্ৰম বঁজা হোৱা নাই; কিয়নো তেওঁ আপোন মনে গীত গাইছে, কিয়নো সমাজৰ ডিঙি-গৰকা দিয়া চেষ্টাৰ ভিতৰেদিও তেওঁৰ গীত সহজে সৰকি আহিব পাৰিছে, কিয়নো তেওঁৰ এই গীত প্ৰকৃততে মানৱ প্ৰাণৰ স্বাধীনতাৰ গীত। লেখিকাক তেওঁৰ এই জয়-যাত্ৰাত মই আন্তৰিক স্নেহাশিস্ আৰু সম্বৰ্ধনা জনাইছোঁ আৰু আশা কৰিছোঁ যেন তেওঁ অসমীয়া তিৰুতাৰ স্বাধীনতাৰ সুৰ সাহিত্যৰ ভিতৰেদি বিকশিত কৰিবলৈ দীৰ্ঘ জীৱন লাভ কৰে।

⸺⸻

“হাঁহিৰ থুনপাক”—দুতিৰাম

‘থুনপাক! ভিতৰতে তিনি পাক!!” বুলি পটন্তৰত কয়। সঁচাকৈয়ে হাঁহিৰ থুনপাকৰ ভিতৰতো সেই তিনি পাক আছে; অৱশ্যে সি মেৰ-পাক হয়। পোনতে ইয়াক কব বা লিখিব জানিব লাগিব; তাৰ পাছত, ইয়াক শুনিব বা পঢ়িবৰ নিয়ম বুজিব লাগিব আৰু সৱশেহত, দুইৰো মাজত ইয়াক অন্তৰেৰে উপভোগ কৰিব পাৰিব লাগিব। দেশৰ বাৰ-মছলা যতাই দিয়াঁহি, ভাল ৰান্ধনী নহলে তাক কেতিয়াও জুতি লগাকৈ ৰান্ধি আগত দিবহি নোৱাৰে; কিন্তু পাকৈত ৰান্ধনীয়ে শুদা লোণ-খাৰনিৰেই সেই কাম কৰিব। আকৌ, যতনেৰে ৰন্ধা ভাত-সাঁজৰ শলাগ নোলোৱা জনৰ আগত ৰান্ধনীয়ে ধান-খেৰ এসোপা আনি দিলেহি। ধান-খেৰখিনি কি কৰিব লাগে বুলি সোধাত কলে বোলে ৰন্ধাখিনি উপাদেয় নহল জানি সেয়াকে দিছেহি। “অৰসিকেষু ৰহস্য নিবেদনম্” সচাকৈয়ে বৰ দুখৰ কথা। তৃতীয়ত, কোনোবাই কবৰ দৰে ইংৰাজ জাতিটোৱে সকলো কথাকে ধেমালি বুলি ধৰে, কেৱল ধেমালিকেহে তেওঁলোকে গহীনাই লয়। বিপৰীত হলেই আহুকাল! বাবুৱে ঠাকুৰক কলে, আঞ্জাত লোণ তাকৰ হৈছে। ঠাকুৰে ভাবিবলৈ ধৰিলে, আঞ্জাত লোণ তাকৰ হৈছে? মানে, মোৰ বুদ্ধি নাই? বুদ্ধি নাই কাৰ। গৰুৰ? মানে, মোক গৰু বুলিলে? গতিকে একে চাবেই উঠি বাবুৰ মূৰত টাঙোন !!

 এতেকে হাঁহিৰ থুনপাক মেলিবলৈ হলে উভয় পক্ষৰ বুদ্ধি চোকা, মন মুকলি