আৰু নিৰ্মল হোৱাৰ দৰে তেওঁৰ ন্যায়সঙ্গত বিদ্ৰোহৰ ভূমিকম্পৰ পাছত
তেওঁৰ চকুত এক নতুন শান্তিৰ সৃষ্টি ওপঙি উঠিছে—
“আজি বিশ্বক নতুন ভাবত জগাই তোলে কোনে?
নতুন বেশে নতুন ৰূপে বৰণ সলায় কোনে?
বস্তু যুগৰ জড় দেশত পৰাণ দিলে কোনে?
লুপ্ত গৌৰৱ ঘূৰাই আনি কৰম কৰে কোনে?
বিশ্ব জিনি মুক্তিৰ বাণী প্ৰচাৰ কৰে কোনে?
মুছলিম প্ৰাণত স্বাধীনতাৰ পায়গাম আনে কোনে? ( কোনে)
“আজি দুৰ্যোগৰ ৰাতি যত গৰ্ব্ব খৰ্ব্ব হল,
(প্ৰভু) আত্মসমৰ্পণ কৰোঁ, ৰক্ষা কৰা ধৰাতল।
ভাগিল টোপনি আজি দেখোঁ বৰ্ষা নীৰ;
দুঃস্বপ্নৰ শেষ হল জগত সুস্থিৰ।" (দুৰ্যোগ )
“জীৱনেই নৱ ৰূপ ধৰি, জ্বালা মোৰ নিদিলে জুৰাই;
মৰণেই ধৰি হাত পাতি, দেহ মোৰ দিব শীতলাই।
মৰণকে আদৰি আনিম, মৰণকে সাৱটি ধৰিম;
মৰণৰ বুকুতে লভিম, জীৱনৰ তৃপিতি অসীম।” (মৰণ)
“তুমি কিনো? তুমি কিনো? তুমি কেনেকুৱা?
নিৰাকাৰ ৰূপজ্যোতি এবাৰ দেখুঁৱা।
থাকাঁ তুমি তোমাতেই, মই থাকোঁ মোত;
ইদৰে বাগৰি যক সময়ৰ সোঁত।” (সাথৰ)
“বজাব নাজানা যদি বিসুৰীয়কই নবজাবা আলসুৱা বাঁহী;
ছিঙিব নাজানা যদি নিছিঙিবা ফুল, সৰি সৰি পৰি ৰব পহি।” (নিৰ্বোধ )
“প্ৰেমৰ এটুপি অৰণ্যৰ পানী সাগৰ বিচাৰি যায়,
থাকিও নিজতে অন্ধ মানৱে বিচাৰি নাপায় হায়!
প্ৰেম নাই য’ত তাত কিবা আছে? নাই, তাত একো নাই;
প্ৰেমেই ধৰ্ম, প্ৰেমেই কৰ্ম, সংসাৰ প্ৰেমৰ ঠাই।’’ (প্ৰেম)