পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৮
অসমীয়া সাহিত্যৰ অধ্যয়ন


 এয়ে মানুহৰ জীৱন-যাত্ৰা, আৰু এয়ে উচ্চ কাব্য আৰু উচ্চ সাহিত্যৰো ঘাই বিষয়। নিৰক্ষৰ চহা এটিয়ে এই অনন্ত বেদনা যেনেকৈ অনুভৱ কৰে, সংসাৰৰ মহাজ্ঞানীজনৰ হিয়াতো এই স্বৰ্গীয় নিৰাশাই জীৱনৰ জীয়া-মৰিশালিক জুই তেনেকৈয়ে চিৰকাল জ্বলাই থয়। ইয়াৰ পৰা নিস্তাৰ পাবৰ উপায় নাই, আৰু উপায় বিচাৰিলেও সি ঘূৰি নিৰুপায়হে কৰে। সাগৰত নাও-বুৰা মানুহে আগেদি উটি যোৱা তৃণ-কূটা এডালি দেখিলেও সেয়ে তেওঁৰ তৰণৰ উপায় বুলি ভাবি সাৱটি ধৰিবলৈ যাওঁতে ঘূৰি সি প্ৰাণ-বিনাশতহে সহায় কৰে; সংসাৰ-সাগৰত আজন্ম নাও-বুৰা জীৱন-যাত্ৰীৰো চিৰকাল সেই দশা।

 জীৱনৰ এই “এথানি-এবানি’’ অৱস্থাত মানুহৰ শান্ত্বনা কি? ঈশ্বৰ যদি কৰুণাময় হয়, তেওঁ মানুহৰ কৰুণ আৰ্তনাদৰ বাবে এই মায়া-ৰচনা সজাৰ অৰ্থ কি? আৰু প্ৰকৃতিকে বা তেওঁ সংসাৰৰ শাসন-ভাৰ দিয়ে কিয়? যি ৰাজদণ্ডৰ কাষত দয়া নাই, ক্ষমা নাই, তেনে কঠোৰতাৰ ৰাজদণ্ড তেওঁ প্ৰকৃতিৰ হাতৰ পৰা কাঢ়ি অনা নাই কিয়? তেন্তে, ইংৰাজ কৰি টেনিছনৰ আৰ্থৰ ৰজাই কবৰ দৰে, যি সৃষ্টিত আমি আছোঁহঁক, এই নিকুটুমীয়া সৃষ্টি ঘাই বিধাতাৰ মঙ্গল সৃষ্টিৰ বাহিৰৰ কিবা অনুকৰণ মাথোন,—এই সৃষ্টি তেওঁ নিজ হাতে সজা নাই, আৰু যিজনে সাজিছে তেওঁ ইয়াক ভালকৈ গঢ় দিব আৰু গঢ় দি পালিব জনা নাই? সেই ‘দ্বিতীয় বিধাতা’হে মানুহৰ এই অনন্ত যাতনা আৰু অনন্ত নিৰাশাৰ তপত খোলাত মানুহ প্ৰাণীক কেইওলুটিয়ে ভজাৰ বাবে জগৰীয়া? অসমীয়া নিৰক্ষৰ চহা কবিৰ মুখৰ এই বনৰীয়া নামবোৰো মানুহৰ হৃদয়-তলিৰ এই একে স্বৰ্গীয় নিৰাশাৰ পুং ফুটি ওলাইছে মাথোন।

 ৰূপ স্বৰ্গীয় বস্তু, আৰু অৰূপৰ পূৰ্ব্ব আভাস। অথচ তিৰুতাৰ ৰূপে কৰিব নোৱাৰে এনে কাম স্বৰ্গ আৰু পাতালৰ সীমাৰ ভিতৰত বিৰল। এজনৰ গুটীয়া জীৱন ক্ষুদ্ৰ কথা, তিৰুতাৰ ৰূপে একোখন মহানগৰী বা একোখন ৰাজ্যৰ ধ্বংস হেলাৰঙে সাধন কৰিছে; হেলেন, ক্লেওপেট্ৰা আদিৰ কাহিনী তাৰেই প্ৰমাণ স্বৰূপ। জগতৰ সাহিত্যৰ এটি ডাঙৰ অংশ যেনেকৈ তিৰুতাৰ ৰূপৰ অৰ্চ্চনাই ঢাকি থৈছে, মানুহ জীৱনৰো একো একো অধ্যায় সেইদৰে ৰূপৰ জুয়ে অগ্নিকাণ্ডত পৰিণত কৰিছে। তথাপি যি জুয়ে ঘৰ- বাৰী পুৰি মানুহক সৰ্ব্বস্বান্ত কৰে সেই জুই নহলে মানুহৰ জীৱন-ধাৰণৰ