পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৯
বন-ঘোষা


অনেক সুচল হেৰায়; জাৰকালি জুহালৰ কাষৰ কতনো মোহৰ পৰা বঞ্চিত হব লগা হয়। সেইদৰে ঊষাৰ কোমল প্ৰতিভাৰ লগত বেলিৰ উম-লগা ৰ’দ-কাঁচলিৰ নিচিনাকৈ, মদনৰ লগত ৰতিৰ মধুৰ সঙ্গমৰ দৰে, জীৱনৰ লগত যৌৱনৰ আৰু যৌৱনৰ লগত ৰূপ-সুধাৰ তীব্ৰ তৃঞ্চা, ভাবৰ লগত ভাবাৰ্থৰ দৰে সদায় লাগি আৰু জাগি আছে। আকৌ, বসন্তত সদৌ প্ৰকৃতিয়ে জড়তা এৰি প্ৰাণ পৰিগ্ৰহ কৰাৰ দৰে, যৌৱনত মানুহ-প্ৰাণ অভিনৱৰূপে সজীৱ হৈ উঠে। অগত কল্পনাময়; চিত উৰণীয়া, দিগ্ দিগন্তত এক মহোৎসৱৰ বাঁহী। জগতৰ শব্দ, ৰূপ, ৰস, স্পৰ্শ, ঘ্ৰাণ সকলোটিয়ে এটি এটিকৈ লৈ নিমন্ত্ৰি যায়—“বতাহৰ ঢালতে, গোন্ধায় মলেমলি, কাৰ বাৰীৰ জনীয়া আম?"

 এয়ে অৱশ্যে প্ৰণয়ৰ প্ৰথম উচ্ছ্বাস। এই উচ্ছ্বাস, এই অনিবাৰ অনুসন্ধান, ‘কমোৱা তুলাৰ” দৰেই পাতল; কিয়নো ই অশৰীৰী। কাক বিচাৰি বা কি বিচাৰি প্ৰাণ উতলা হল তাৰ বাতৰি নাজানে, কেৱল মৃগ-নাভ হৰিণৰ দৰে নিজতে নিজৰ হৃদয়-কস্তুৰি সুমাই লৈ বন-বনান্ত, দিগ-দিগন্ত তাৰ অন্বেষণত ঘূৰিব লাগিছে; কোনোবা অচিনাকি জনম-চিনাকিক প্ৰাণ সঁপি দিবলৈ ব্যাকুল হৈ পৰিছে। ইয়াৰ পাছতহে পূৰ্ব্বৰাগৰ পাতনি। এই সন্ধি-ক্ষণত কল্পনাৰ ধনে শৰীৰী ৰূপে দেখা দিয়াত এইবাৰ প্ৰেম-পূজাৰীক হৃদম্ভৰ প্ৰথম পূজাভাগ লৈ মন্দিৰৰ দুৱাৰমুখত ঠিয় দিয়া দেখা পোৱা হয়। এইখিনিতে পোনৰ দেখা-দেখিত ওপজা স্নেহ। মানুহৰ অন্তৰত সপোন- কোঁৱৰৰ আতিথ্য স্বীকাৰ কৰিবলৈ সাজু নোহোৱা জনে এনে অনুৰাগত বিবেচনাৰ নাটনি বা সংযম-হীনতাৰ চোকা গোন্ধ পাব পাৰে সঁচা; কিন্তু আনফালৰ পৰা চালে তাতেই সকলো প্ৰণয়-গৰিমা কেন্দ্ৰীভূত। এক মুহূৰ্ত্ততে যেন ই যুগ-যুগান্তৰ শত সোঁৱৰণি এটি-এটিকৈ মনত পেলাই দিয়ে,— পূৰ্বজন্মৰ একাত্ম-অভিজ্ঞানত কিবা মৃদু অপাৰ্থিৱ বিজুলী-শক্তিৰ প্ৰভাৱত যেন দুয়ো আকৌ পৰস্পৰ আকৃষ্ট হৈ উঠে! কিন্তু এই প্ৰথম দেখা-দেখিত ওপজা প্ৰেমৰ মোহন মন্ত্ৰত মিলন আৰু বিৰহৰ সুৰ একেলগে বাজি উঠে। এয়ে অনন্তৰ গুণ। চকু-পানী বেজাৰৰ সমল, অথচ অতি আনন্দতো চকুলো ওলায়; গতিকে আনন্দ আৰু বেজাৰ একেটি পুঙৰ পৰা ওলোৱাও হব পাৰে—দুয়ো একে 'মৰ্ম্ম’তে আঘাত কৰে। সেইদেখি প্ৰণয়িনীক প্ৰথমে