নিচিনিলোঁ ঠগ-প্ৰৱঞ্চল, নাজানিলোঁ ছলনা মায়াৰ;
কৰিছিলোঁ প্ৰগাঢ় বিশ্বাস,-কৰি দিলে জীৱন অসাৰ।
চকুলোৰে খন্তেক কমাওঁ জ্বলি থকা জুই দপ্ দপ্;
বিদ্ৰোহৰ ভাৰবোৰে মাথোঁ অন্তৰত তোলে ভূঁইকঁপ।’’
আকৌ⸺
“মই যেন বিদ্ৰোহিনী—
বিপ্লৱৰ ভাবে মোৰ অগ্নি-অস্ত্ৰ দৰে,
কল্পনাতে মনে মাথোঁ ভূমিকম্প কৰে;
সকলোৰে শেষ যেন এক মুহূৰ্ত্ততে
ধ্বংস কৰি দিব যেন চকু পলকতে।” (সান্ত্বনা)
পুৰুষৰ উদ্ভণ্ডালিৰ বিৰুদ্ধে তিৰুতাৰ প্ৰাণৰ এই ন্যায়সঙ্গত “বিদ্ৰোহ” আৰু “ভূইকঁপে” নিশ্চয় সমাজক এদিন নহয় এদিন লুটিয়াই পেলাব, নেপেলাই নাথাকে। সচাকৈয়ে প্ৰেম পুৰুষৰ অলঙ্কাৰ। কিন্তু প্ৰেম তিৰুতাৰ প্ৰাণ, তিৰুতাৰ সৰ্ব্বস্ব। গতিকে তিৰুতাৰ প্ৰেম লৈ ধেমালি কৰা আৰু প্ৰাণ লৈ ধেমালি কৰা একে কথা। সেইবাবে তেওঁ কলে;—
“জীয়া জুই দিলে কিয় পাছে, কাঢ়ি লৈ ভালপোৱা মোক?
কলিজাৰ শুহি খালে তেজ, দিলে মোক অন্তহীন শোক।”
অকল ইমানেই নহয়, বহুতেই নিজৰ তেজ-মঙহৰ লৰা-ছোৱালীকো জীয়া ঘাট-মাউৰা কৰিহে এৰে; তাৰ বিৰুদ্ধেও তেওঁৰ অভিশাপ-বাণী ঘোষিত হৈছে—
“কুমলীয়া ফুল কিপাহিলে’ পাষাণৰ নালাগে মৰম?
ভাঙি-ছিঙি মোহাৰি পেলালে, নুবুজিলে কৰ্ত্তব্য-কৰম।”
এইখিনিতে স্বনামধন্য অসমীয়া কবি চন্দ্ৰকুমাৰৰ লগত তেওঁ ঐক্য—
“মানুহৰ চোতালত, মাধুৰী ফুলিলে, মানুহে নিচিনি হায়,
সাৰি তুলি ছিঙি মোহাৰি পেলালে, মানুহৰ মৰমো নাই।”