পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/২৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৬০
অসমীয়া সাহিত্যৰ অধ্যয়ন


আন এঠাইত আগৰৱালাই লিখিছে—

“মানুহেই লগ, মানুহেই সঙ্গ, মানুহেই পৰাৎপৰ।”

আৰু এই লেখিকাই লিখিছে—

‘মানুহেই ভূত, মানুহ পিশাচ; মানুহে মানুহৰ কৰে সৰ্বনাশ!
মানুহ ফেৰেস্তা, মানুহ ছয়তান, মানুহেই ভাল-বেয়া কৰে সমাধান। (সমাধান)

 তাৰ পাছত “কল্পনা”ৰ সহায়েৰে তেওঁ সকলো বিচাৰি ধৰ্ম আৰু সমাজৰ ওচৰত তেওঁৰ গোচৰ উপস্থিত কৰিলে—

“কুসংস্কাৰে ভৰা এই অন্ধ সমাজ; কৰিব নোৱাৰে কিয় শান্তিৰ বিৰাজ?
ভুল ধাৰণাৰে ধৰে ইশ্লামৰ নীতি, আনিব নোৱাৰে কিয় নতুন প্ৰগতি?
সমাজৰ অধঃপাত ধৰ্ম্মৰ পতন; অধৰ্ম্মৰ প্ৰভাৱত ঘটে অঘটন।
কোনেনো কৰিব ৰক্ষা ধৰ্ম্ম ইশ্লামক; হ’ব কোন বীৰ নেতা ধৰ্ম্মৰ ৰক্ষক?
এখনি কল্পনা ৰাজ্য যেন মোচলিমৰ; সকলো শাসন-নীতি দীন ইশ্লামৰ।
কেতিয়া হ'বনো এই ন্যায়ৰ শাসন; সুখী হ’ব নিৰ্য্যাতিত জন-সাধাৰণ?”

 কিন্তু “কেতিয়া?” এই প্ৰশ্ন সমিধান দিছে শূন্য প্ৰতিধ্বনিয়ে— “কেতিয়া?” যশস্বী পাৰশ্যিক কবি ওমৰ খায়ামে সেই দেখি পিতৃৰ গুৰিত পুত্ৰ বা কন্যাই অভিমান কৰাৰ দৰে ঈশ্বৰৰ কাষত বিদ্ৰোহী হৈ কৈছে— মানুহক যে তেওঁ চৰু-কলহৰূপে গঢ়িবলৈ লৈ ইমান দুখ দিছে, তাত মানুহে নামাতি পাৰে কেনেকৈ?

 অৱস্থা-ভেদে মানুহৰ মনত এনে বিদ্ৰোহ জাগি উঠা স্বাভাবিক মাত্ৰ। অৱশ্যে ধৰ্ম্মৰ আৰু সমাজৰ শাসনে আমাক এনে অন্যায়ৰ বিৰুদ্ধে মাত- মাতিবলৈ নিদি ভালেখিনি বোবা কৰি থয়, আৰু হালৰ বা গাড়ীৰ গৰুৰ দৰে আমি জীৱনৰ যুৱলী টানিবলৈ বাধ্য হওঁ। ধৰ্ম্ম-যন্ত্ৰ চলাওঁতাসকলে কৰা ই ঈশ্বৰৰ লীলা খেলা। কিন্তু হায়! যাৰ ওপৰত এনে নিৰ্য্যাতনৰ ৰামটাঙোন পৰে, সিহে বুজে ই কেনে লীলা! যদি খেলা কেন এত মৰ্ম্মভেদী খেলা?” (ৰবীন্দ্ৰনাথ)! সেইবাবেই বিখ্যাত ইংৰাজ কবি স্বুইনবাৰ্ণে তেওঁৰ প্ৰখ্যাত “এটেলেন্টা ইন কেলিডন” কাব্যৰ এটি ঘোষাত লিখিছে—

“সকলো বিৰোধী তোমাৰ, ঈশ্বৰ, সকলো বিৰোধী আমি।’’