পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/২৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৫৮
অসমীয়া সাহিত্যৰ অধ্যয়ন


ভয়-লগা সমাজিক ৰূপে মাত্ৰ মানুহৰ মনত আছে; কিন্তু তাৰ পৰা হিন্দু ধৰ্ম্ম আজি লোপ পোৱা নাই, বৰঞ্চ এটা মহাপাপৰ পৰা মুক্ত হৈ সি আজি জীৱনৰ আশিস উপভোগ কৰিছে। লেখিকাই আকৌ লিখিছে—

 “কোন তই? কোন তই কোন মায়াবিনী?
 শোৱনী ঘৰত মোৰ সোমালিহি আহি-কাল সৰ্পিনী!
 চিনিলোঁ চিনিলোঁ তোক, তই কলঙ্কিনী।

 মোৰ জীৱনৰ প্ৰথম পুৱাৰ সোণৰ সংসাৰ-সৰ্ব্বনাশিনী।” (মায়াবিনী)

 স্বাৰ্থপৰ পুৰুষে বহু-বিবাহ কৰে, কিন্তু তিৰুতাই নিজ ভনীৰ বিৰুদ্ধে শতুৰু শাপিবলৈ পুৰুষক সহায় কৰে কিয়? তাৰ বিৰুদ্ধে লেখিকাই এইদৰে ঘোৰ অভিশাপ বৰষিছে:—

 “তেজ মোৰ চকুপানী হই দুগালেদি আহে মাথোঁ বই;
 সাধ্য কাৰ ৰোধে তাৰ গতি, অন্তৰৰ কৰুণ বিননি।
 জীয়া জুই দিলি আজীৱন, জীয়াতেই ঘটালি মৰণ,
 নাপাৱ নাপাৱ নিস্তাৰ, শুন, শুন অনন্ত পাপিনী।
 প্ৰতিকাৰ-প্ৰতিশোধ লাগে—প্ৰতিহিংসা প্ৰতিহিংসা মোৰ;

 প্ৰায়শ্চিত্ত, আছে প্ৰায়শ্চিত্ত; ক্ষমা নাই মায়াবিনী তোৰ!’’

 তাৰ পাছত “প্ৰবঞ্চক’’ পুৰুষৰ হীন প্ৰৱঞ্চনাৰ কথা তেওঁ সদৰি কৰি দিলে—

 “মউসনা মৰমৰ কথা—“মোৰ প্ৰেম অচল অটল”;
 আৰু কয় 'তোমাৰেই মই’—অন্তৰত লুকাই গৰল।
 ‘লৰি-চৰি যদি তল যায় হিমালয়ো সাগৰ-গৰ্ভত,
 মোৰ কথা একেটি মাথোন, মোৰ প্ৰেম অচল পৰ্ব্বত’!—
 চিৰসত্য নাথাকে লুকাই, প্ৰকাশিলে নিজ প্ৰৱঞ্চনা।
 পাষাণৰ ৰ'ল অপযশ, সমাজৰ ললে গৰিহনা।