পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/২৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৩২
অসমীয়া সাহিত্যৰ অধ্যয়ন


কৰোঁতে তোমাৰ প্ৰভু, উপাসনা হৃদয়ত
দেখোঁ সেই চিত্ৰ পুনু সেই মূৰ্ত্তি বাৰে বাৰ
উৰ্দ্ধমুখে; মুখ তুলি চাওঁ আকাশৰ ফালে
তাতো সেই স্মৃতি-ৰেখা, তাতো সেই একে ছবি,
কি এক তুলিৰে অঁকা, অপূৰ্ব ৰহন সনা
কি এক অপূৰ্ব ৰূপ, যেন প্ৰভাতৰ ৰবি!”

এইদৰে চাওঁতে চাওঁতে সৃষ্টিৰ আৰু এক বৈষম্য তেওঁৰ চকুত পৰিল—

“সি যে পৰাণৰ সোণ, তাৰে এক প্ৰাণ মোৰ;
মি কান্দিলে কান্দো, হাঁহোঁ হাঁহি দেখি সি মুখত,
সংসাৰত তাৰ সুখে জন্মিছিল মোৰো সুখ,
আজি সি স্বৰ্গৰ জীৱ আছে সুখে স্বৰগত;
কিয় জন্মে শোক তাত? ইনো কি বিষম ভাব?”

তাৰ পাছত আকৌ আন এটি সন্দেহ তেওঁৰ মনত উপস্থিত হল—

“মৃত্যুতেই শেষ যদি কি মন্ত্ৰেৰে যাদু কৰি
সোঁৱৰণি মনে মনে ধৰি আনে পুনু তাক?”
 “কিয় তেনে সন্ধ্যা হলে
তাৰ সহপাঠীসৱ আহে যেৱে ঘৰলৈ,
তাৰ মুৰ্ত্তি দেখোঁ তাত, তাৰ সহপাঠী স’তে
হঁহা-মতা কথা-কোৱা পাঠাভ্যাস কৰা মই?
মহী তাৰ, পুথি তাৰ, দেখিলে তাৰ বসন
কিয় তাক দেখোঁ প্ৰভু, তাৰ মুৰ্ত্তি মনোহৰ?”

শেষ ষোড়শ কবিতাটিত আকৌ কলে—

“ইটো প্ৰভু পুণ্য-শ্লোক, তোমাৰ পূজাৰ মন্ত্ৰ
হৃদয়-তন্ত্ৰীত উঠা ঐক্যতান আবেগৰ।”
‘ই ক্ৰন্দন ধ্বনি মোৰ আজি সেই বেদধ্বনি,
হিয়াখনি কৰি বেদী অৰ্ঘ্য দিম চকু-পানী।”

 আকৌ ঘুৰি তেওঁ আত্মাৰ অবিনশ্বৰত্ব আৰু পৰিভ্ৰমণ আদি দাৰ্শনিক তথ্য ঘাটি চাই আশঙ্কা কৰিছে, এইদৰে শোক কৰা জানোবা ভুলেই হৈছে!—