আৰু সেয়েই এই মহাসত্য প্ৰমাণ কৰিছিল যে কৰুণ ৰসেই জগতৰ আৰু
জীৱনৰ ঘাই ৰস। কবি এতিয়া জীৱনৰ প্ৰৌঢ় বয়সত। সংসাৰৰ নানা শোক-
তাপত তেওঁৰ অন্তৰ আগতে জৰ্জৰিত, এই অৱস্থাত তেওঁৰ পুত্ৰ-বিয়োগত
অন্তঃস্থল ভেদি যি চকুপানী ওলাইছে, সি তেওঁৰ কল্পনাত নানা ৰূপ ধাৰণ
কৰাতেই তেওঁৰ কবিত্বৰ প্ৰথম উহ ফুটি উঠিছে।—
“চকুলো অঞ্জন মোৰ অমৰাৰ মনলোভা।.........
ই অঞ্জন পিন্ধি মই অজীৱন চাম ৰই
জীৱনৰ সন্ধ্যাবেলা পৰাণৰ অন্তৰ্দ্ধান॥”
“ই বিষাদ মহাভষ্ম ধূৰ্জ্জতীৰ আভৰণ;
ই ভষ্ম সৰ্বাঙ্গে সানি আজীৱন ৰম মই
বাট চাই জীৱনৰ সান্ধ্য-ৰশ্মি সমাগম॥”
“শোক-বিষাদৰ ৰেখা বিভু-দত্ত নিৰমালি,
পূজাৰ অন্তৰ ইটো অতি স্নিগ্ধ শান্তিজল;
ভক্তিৰ ই জল মই সৰ্বাঙ্গত ল'ম ঘঁহি,
প্ৰাণে পাব চিৰশাস্তি সুবিমল সুনিৰ্মল।’’
পোনৰ ছয়টি কবিতাত এই দৰে বিৱৰি গৈ সপ্তম কবিতাত পৰমাৰ্থিকভাৱে খেপিয়াই চাই কবিয়ে দেখিছে—
“ধন-জন পুত্ৰ-ভাৰ্য্যা সকলো তোমাৰ দান,
দিওঁতা নিওঁতা তুমি, তুমি কৰ্ত্তা, তুমি কাম!”
“সোণটি যে প্ৰভু মোৰ তেনুৱা পথিক মাথোঁ,
পৰিশ্ৰান্ত জীৱ এটি সংসাৰ-পথত;
থকে বিশ্ৰাম হেতু আহিছিল সংসাৰত,
লভি সি বিশ্ৰাম গল আপোন গৃহত।”
কিন্তু এই পৰমাৰ্থিক জ্ঞানে মানৱ-হৃদয়ৰ দুৰ্ব্বলতা সৰহ কাল ঢাকি ৰাখিব পৰা নাই; তেওঁৰ মনত আকৌ সেই কবিত্বপূৰ্ণ সন্দেহ আৰম্ভ হল—
“কিন্তু যেই স্মৃতিফেৰি ৰাখি গল যি পথিকে
মোৰ হৃদয়ত আঁকি, সি মচিলে নাযায়।