পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/২৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া সাহিত্যৰ অধ্যয়ন

২০ অসমীয়া সাহিত্যৰ অধ্যয়ন আদিৰে পৰা অস্তলৈকে কাব্যখনি পুত্ৰ-শোক অভিভূত পিতাৰ গভীৰ শোক এটাৰ এটি জীৱন্ত অভিব্যক্তি। সেই শোককে নানা পৰমাৰ্থিক বা দাৰ্শনিক যুক্তিয়ে নিয়মিত সীমাৰ ভিতৰত ৰাখিবলৈ চেষ্টা কৰিছে। আৰু এই দুই ভাবত্ব সমাবেশতে প্ৰকৃত কাব্য অভিনৱ সুৰ বাজি উঠিছে! বৰবৰুৱাই যদি অকল পৰমাৰ্থিক খুক্তি লৈ আত্মাৰ অবিনশ্বৰত্বকে মাথোন মানি থাকিলহেতেন- ‘বাসাংসি জীৰ্ণানি যথা বিহায় নবানি গৃহাতি নৰেপৰাণি। তথা শৰীৰাণি বিহায় জীৰ্ণা হয়নি সংযাতি নানি দেহী।” -গীতা যদি এই ভাব তেওঁৰ মনত থকা সত্ত্বেও মানসিক দুৰ্বলতাই এইদবে তেওঁৰ মনত খেল নকৰিলেহেতেন; তেনেহলে সেই সময়ত তেওঁৰ কাপৰ পৰা এই “চকুলো” কাব্য নোগই, জীৱন-মৰণ আদি-অৰ কাহিনী লৈ লিখা কিবা এখন “অকাব্য” দাৰ্শনিক পুথিহে ওলাব পাৰিলেহেতেন। কুৰুক্ষেত্ৰ যুদ্ধ যদি গাণ্ডীৱধাৰী অৰ্জুনৰ মনলৈ সেই হৃদয়-দৌৰ্বল্য নাহিপহেতেন, তেওঁ যদি তাৰ বাবে এই প্ৰশ্ন নকৰিলেহেতেন “কিংনে বাজেন গোৱিন্দ! কিং লোগৈৰ্জীৱিতেন না। যেষাৰ্থে কাজিফ-তং নো ক্ষ্যং ভোগা দুখানি চ। ত ইমে’বস্থিত যুদ্ধে প্ৰাণাংখ্যক্ত, ধনানি চ। আচাৰ্যাঃ পিতঃ পুস্তথৈব চ পিতামহাঃ। মাতুলাৰ শশুৰঃ পৌত্ৰঃ গালাঃ সম্বন্ধিনগুথা। এতান্ন হস্তমিচ্ছামি স্নভোপি মধুসূদন অপি ত্ৰৈলোক্য ৰাজ্যস্ত হেততঃ কিংনু মহীৰুতে। নিহত্য ধাৰাষ্ট্ৰান্নঃকা প্ৰীতি হয়াজনৰ্ধন।” তেন্তে কৃষাণ হৃদয়-স্বৰূপ গীতা প্ৰকাশ হলহেতেন কেনেকৈ? কৰ্চন চৰাই-হালিৰ এটি বধ কৰি নিষদে বাগ্মীকিব ককশা-বিগলিত হৃদয়ৰ সেই অভিশাপ আৰ্জিয়েইছে জগতৰ আদি শ্লোক-ছৰৰ জনম দিছিল— “ম। নিষাদ প্ৰতিষ্ঠাং ত্বমগমঃ শাখীসমাঃ। যৎ ক্ৰৌঞ্চমিথুনাদেকমষিঃ কামমোহিত৷”