পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/২৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২২৯
“চকিলো’’ কবিতা—হিতেশ্বৰ


কাব্য লিখি অসমীয়া সাহিত্য চহকী কৰিছে। তাৰ উপৰি তেওঁ অসমীয়া ছনেটৰো এজন সুলেখক। সম্প্ৰতি তেওঁৰ “চকুলো” নামে একুৰি চৈধ্যটি চতুৰ্দ্দশপদী কবিতাৰ এটি সংগ্ৰহ প্ৰকাশিত হৈছে। ছনেটৰ ধৰা-বন্ধা নিয়ম অনুসৰি ইয়াৰ কিমানখিনি কবিতাক ছনেট আখ্যা দিব পাৰি তাৰ আলোচনা নকৰি এই আলোচনাত তেওঁৰ কবিতাৰ ভাব মাত্ৰ অনুসৰণ কৰিম।

 ইয়াৰ আগতে কবিয়ে ত্ৰিতাপক্লিষ্ট সংসাৰৰ কেইবাখনিও বিতোপন কৰুণাত্মক চিত্ৰ আঁকি আমাৰ চকুলো আকৰ্ষণ কৰি থৈছে। সেই কল্পনাৰে অঁকা চিত্ৰবোৰ এতিয়া যেতিয়া তেওঁৰ নিজ জীৱনত ফলিয়াইছে, তাৰ বিষয়ে লিখনি ধৰি যে তেওঁ আমাক তেওঁৰ শোকৰ সমভাগী কৰিব, তাত সন্দেহ নাই। তেওঁ নিজেই কৈছে—

“উন্মাদিনী” “বিৰহিণী” মহাসতী জয়মতী
পদাপাণি বিপত্নীক পত্নী-শোক দগ্ধ প্ৰাণ।
কল্পনাৰ চকু লই ইসৱে সহিতে যেই
দেখিলোঁ শোকৰ ছবি, হল সেয়ে মুৰ্ত্তিমান॥
কল্পনাৰ শোক-ছবি আজি মূৰ্ত্তিমান শোক,
সপোনত অঁকা চিত্ৰ, প্ৰতিমূৰ্ত্তি দিঠকৰ
চিতাগ্নি কল্পিত তাৰ, জলন্ত চিতাৰ জুই
উজলি উঠিল আজি জীৱনত হিতেশৰ।”

 কবিৰ প্ৰাণ আগতে সংসাৰৰ নানা দুখত জ্বলা-কলা হৈ আছে। তেনে সময়তে তেওঁৰ নুমলীয়া পুতেক বিপিনৰ বিয়োগত তেওঁ এইদৰে উতলা নহৈ থাকে কেনেকৈ?—

“দয়াময় নিল সৱ! নজনা কালতে পিতা,
কৈশোৰত পিতামহী, শৈশৱত ভগ্নী,
ভ্ৰাতৃ-পুত্ৰ চেনেহৰ। যৌৱনত মাতৃ,
পুত্ৰ এটি, আৰু পত্নী জীৱন-সঙ্গিনী॥
কাল-অভিমুখী এই প্ৰৌঢ়া অৱস্থাত মোৰ
জীৱনৰ আশা ৰূপ নিলা পুত্ৰ হৰি
( নুমলীয়া সোণকণি), ভবিস্যত আশা
নাশিলা ফুলতে প্ৰভূ! আশা শূন্য কৰি॥’’