পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/২৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২২৭
“চকুলো’’ কবিতা—হিতেশ্বৰ


প্ৰণয়-প্ৰকাশ কৰাত তেওঁৰ কথাত “হয়’’-'নহয়’ নালাগে, ৰং-খং কোনো ভাব নেদেখুৱাকৈ শান্তিৰামৰ ফালে মাথোন এবাৰ চাই কাষত কলহ লৈ ঘৰলৈ গুচি অহা, জাতে-পাতে অসমীয়া ছোৱালীৰ এখনি নিভাঁজ পট; মানুহ- চৰিত্ৰ আৰু জাতীয় স্বভাৱৰ ভাল পৰ্য্যবেক্ষণ নাথাকিলে এনে পট অঁকা সহজ নহয়। জয়ৰাম-কেতেকীৰ প্ৰণয়ত জয়ৰামে দুবাৰকৈ কেতেকীৰ “টুকটুকীয়া পকা সেন্দুৰীয়া গাল দুখন আৰু ৰঙা ওঠ’’ত চুমা-ভিক্ষা কৰি–“মই এতিয়াই তোমাক চুমা দিব নোৱাৰোঁ। যিদিন তুমি মোক দস্তুৰমতে চকলং পাতি বিয়া কৰাই নিবা সেই দিনহে যিমান পাৰোঁ চুমা দিম।”—বোলা সমি- ধানৰ বাহিৰে যদিও একো নাপালে, তথাপি—“বেয়া নাপাবা। মোৰ জীউটো, এতিয়া যাওঁগৈ দেই’’ বুলি গুচি যোৱাত কোনেও, আন নালাগ জয়ৰামে নিজেও, কেতেকীক নিৰ্দ্দয়া প্ৰেমিকা বুলিব নোৱাৰে; অথচ তাত অসমীয়া ছোৱালীৰ জাতীয় স্বভাৱ, সংযম, মনোবল আদি অতি বিতোপন হৈ ফুটি ওলাইছে।

 উনৈশ শতিকাৰ ইংৰাজী সাহিত্যৰ নৱন্যাস আন্দোলনৰ প্ৰতিধ্বনি, অসমীয়াত অকল “জোনাকী’’ যুগৰ কবিতাতে নহয়, উপন্যাস আদিতো কিদৰে প্ৰকাশিত হৈছে,—তাৰ প্ৰথম প্ৰকৃষ্ট চানেকি “মিৰিজীয়ৰী।” “মনোমতী’’ আৰু ঘাইকৈ “ৰঙ্গিলী” প্ৰকৃতপক্ষে সেই বাটৰে বাটৰুৱা। অসমীয়া উপন্যাসে ঔপন্যাসিকসম্ৰাট বৰদলৈৰ আমোলত যি গঢ় লৈছে, সৰু-সুৰা ক্ৰুটিবোৰ বাদ দি সেই গঢ় সৰ্বাঙ্গসুন্দৰ বুলি বোধ হৈছে। ইংৰাজী সাহিত্যৰ ৱালটাৰ স্কট বা বঙালীৰ বঙ্কিমচন্দ্ৰৰ দৰে অসমীয়া সাহিত্যত ৰজনীকান্ত আসন যুগমীয়া হ'ব বুলি আমি আশা কৰিছোঁ।

মিলন, তৃতীয় বছৰ, চতুৰ্থ সংখ্যা; ভাদ-কাতি, ১৮৪৬।

⸻⸻


“চকুলো” কবিতা—হিতেশ্বৰ

চুটি সাধুৰ দৰেই ছনেট আৰু ব্লেঙ্ক ভাৰ্ছ অসমীয়া, তথা ভাৰতীয়, সাহিত্যলৈ ইংৰাজী সাহিত্যৰ বিশিষ্ট দান। ব্লেঙ্ক, ভাৰ্ছ, অসমীয়াত অমিত্ৰাক্ষৰ বা অমিলিতান্ত ছন্দ বুলি প্ৰখ্যাত, আৰু তাৰ পৰাই বহুতৰ মনত এনে ভুল ধাৰণায়ো ঠাই পায় যেন পদ নিমিলিলেইসেই ছন্দ আপোনা-আপুনি গঢ়ি উঠে।