পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/২৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২২৮
অসমীয়া সাহিত্যৰ অধ্যয়ন


নিশ্চয় ব্লেঙ্ক ভাৰ্ছ তেনে সহজ কথা হবই নোৱাৰে। আন নালাগে, ইংৰাজীৰ দৰে জগতৰ অতি সমৃদ্ধিশালী সাহিত্যতো মিল্টন্ আদি নিছেই তাকৰ লেখৰ কবিয়েহে সফলভাৱে এই ছন্দ ব্যৱহাৰ কৰিব পাৰিছে; আন বহুতৰেই এই ভাৰ্ছ (ছন্দ) সেইদেখি ‘ব্লেঙ্ক্ (শুদা)।

 ধ্বনি-সামঞ্জস্যই ব্লেঙ্ক-ভাৰ্ছৰ প্ৰাণ-বস্তু; ইয়াক আন কথাৰে প্ৰবাহমান ছন্দ বুলিব পাৰি। বঙ্গ-সাহিত্যত এই ছন্দৰ জন্ম দিলে মাইকেল মধুসূদন দত্তই; বঙালী সমালোচকৰ কথাৰে কব লাগিলে, মধূসূদনেই জয়ে জয়ে বঙ্গ-ভাষাৰ ভৰিৰ ছন্দৰ শিকলি মোকলাই দিলে। “মহাভাৰতৰ কথা অমৃত সমান। কাশীৰাম দাস কহে শুনে পুণ্যবান॥’’ এয়ে পদৰ নমুনা। ইয়াত প্ৰত্যেক চৈধ্য আখৰৰ পাছত শাৰীটো শেষ হব আৰু ভাবও শেষ হব লাগিব। এনে গতানুগতিকতাত পৰি কবিতাই প্ৰাণ হেৰুৱাব লগাত পৰে। মধুসূদনে বঙলা ভাষাৰ কবিতাক এনেদৰে গতায়ু হোৱাৰ পৰা ৰক্ষা কৰিলে ব্লেঙ্ক ভাৰ্ছৰ অনুসৰণত এই নতুন ছন্দ উলিয়াই। যেনেকৈ ভাপ-নাওখন গৈ চকুৰে নেদেখা হলেও তাৰ ঢৌৱে তেতিয়াও পাৰ কোবাই থাকে, আৰু ঠিয় গড়াৰ ওপৰেদি ঢৌ ওপচাই পঠিয়ায়, ঠিক তেনেকৈয়ে চৈধ্য আখৰৰ সীমাত শাৰীটো শেষ হলেও, ভাবৰ ঢৌ সেই গড়াৰ ওপৰে ওফন্দি উপচি পিছৰ শাৰীলৈ প্ৰবাহিত হয় বা বাগৰি আহে। এয়ে ব্লেঙ্ক্ ভাৰ্ছৰ অন্যতম বৈশিষ্ট্য।

 ছনেটক অসমীয়াত চতুৰ্দ্দশপদী কবিতা বোলাতো বহুতৰ মনত এনে ভুল ধাৰণাই ঠাই লয়, যেন চৈধ্য আখৰ আৰু চৈধ্য শাৰীৰ যেই সেই এটা পদ্যই ছনেট্ হল! স্বৰূপতে ছনেটৰ কৌশলো ব্লেঙ্ক ভাৰ্ছৰ দৰেই জটিল আৰু বিতোপন! ছনেট চৈধ্য শাৰীৰ হলেও তাত প্ৰকৃততে অষ্টক (অক্টেভ) আৰু ষষ্টক (ছেষ্টেট), দুটা বিশিষ্ট ভাগ আছে; অষ্টকত বা প্ৰথম আঠ। শাৰীত কবিতাটিৰ ঘাই বিষয়টিৰ অৱতাৰণা কৰিব লাগিব আৰু ষষ্টক বা শেষৰ আঠ শাৰীত তাৰ সামৰণি পৰিব লাগিব। ইয়াৰ বাহিৰেও শাৰীবোৰৰ শেষ- আখৰ মিলোৱাৰ বেলেগ নিয়ম আছে; যেনে, পেট্ৰাৰ্কৰ গঢ়ৰ ছনেটত— ক খ খ ক ক খ খ ক (অষ্টক) গ ঘ ঙ গ ঘ ঙ (ষষ্ঠক)। শ্বেক্সপীয়েৰৰ গঢ়ৰ ছনেটত প্ৰায়ে শেষৰ দুশাৰী পদ মিলিতান্ত হয়।

 সুকবি হিতেশ্বৰ বৰবৰুৱাই সুৱলা ব্লেঙ্ক ভাৰ্ছত কেইবাখনিও নতুন ধৰণৰ