সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/২৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২২৬
অসমীয়া সাহিত্যৰ অধ্যয়ন


স্বুইফটৰ দৰে প্ৰায় পাশৱিকভাৱে আক্ৰমণ নকৰি ৰিচাৰ্ড ষ্টীলৰ কোমল প্ৰকৃতিৰ সমালোচনাৰে সেইবোৰলৈ কটাক্ষপাত কৰিছিল। সদৌ ইংৰাজী সাহিত্যত দুজন ইংৰাজ কবি এনে ধৰণৰ মহা উৰাৰ মানৱ-চৰিত্ৰ সমালোচক- ৰূপে মহামহিমান্বিত; তেওঁলোক চছাৰ আৰু শ্বেক্সপীয়েৰ; আন নালাগে, মহাকৰি মিল্টনো ঠিক এই শাৰীত নপৰে।

 শান্তিৰামে তেওঁৰ প্ৰণয়িনী পদুমীক উদ্দেশ কৰি নিশা-বিহুত গোৰ নামষাৰ গায়কৰ নিজৰ গাত ৰজিতা খাই পৰা কথা বুলি সতৰামে উনুকিওৱাত, শান্তিৰামে সতৰামক লাহেকৈ ঠেলা এটা মাৰি আনন্দ পোৱাৰ চিন দেখুওৱা আৰু কোমলকৈ চিকুট এটি মাৰি ৰহস্যবোৰৰ ভেদ নাভাঙিবলৈ দিয়া ইঙ্গিতৰে পৰা, লৰামতীয়া ৰজা চন্দ্ৰকান্তৰ বিলাস-প্ৰিয়তা আৰু দায়িত্ববোধ- হীনতা, পূৰ্ণানন্দ বুঢ়াগোহাঁঁইৰ বিচক্ষণ ৰাজনৈতিক দূৰদৰ্শিতাৰ লগৰ উৎকট ক্ষমতা-প্ৰিয়তা, আৰু চাওডাঙৰ লৰা “সতাই নৰকী”ৰ “পাষণ্ডতা” আদি আৰু বদন বৰফুকনৰ অসমলৈ মান অনালৈকে, ৰাজ্যৰ ভিতৰ-বাহিৰৰ সৰু-বৰ সকলো কথালৈকে তেওঁৰ চকু পৰিছে; কিন্তু ন্যায়ৰ কঠোৰতাক দয়াৰে উপশম নকৰাকৈ তেওঁ কাৰো ওপৰত অভিশাপ কৰা নাই। এই উদাৰ দৃষ্টি সাহিত্যৰ এটি অতি মহৎ গুণ। ইয়াৰ বাহিৰেও, ৰাজনীতি, সমাজ-নীতি আদি সকলো বিষয় লেখকে সুন্দৰকৈ ফঁহিয়াই দেখুৱাই গৈছে।

 নৰহৰি শেনচোৱাৰ জীয়েক ৰঙিলী নাৱে-গাঁৱে ৰঙিলী। তাইৰ শাৰীৰিক গঠন, কাৰ্য্য-পটুতা আদি সকলো বিতোপন। “আহোম-গঢ়ী’’ মুখখনিৰে আৰু “মাহ-হালধিৰ গাঁঠিৰ’’ বৰণেৰে পদুমীও সচাকৈয়ে পদুমীয়েই। সতৰাম-শান্তিৰামহঁতৰ বৰ্ণনা আদিও সুন্দৰ হৈছে যদিও, তিৰুতাৰ বৰ্ণনাই অধিক অনুপম। কোনো কোনো শ্বেক্সপীয়েৰৰ সমালোচকে মন কৰিবৰ দৰে শেক্সপীয়েৰৰ নায়ক নাই, আছে নায়িকা হে। আমাৰো বৰদলৈ দেৱৰ “মিৰিজীয়ৰী’’, “মনোমতী”, “ৰঙ্গিলী” আটাইতে নায়িকাই হে প্ৰধান। বিহু-তলীৰ নাচ আৰু অসমীয়া ডেকা-গাভৰুৰ যি নিষ্কলঙ্ক চিত্ৰ অঁকা হৈছে সি নিজে যেনে পৱিত্ৰ, আনৰো মন তেনেকৈ শুচি কৰে। বিহুৰ নামতে অশ্লীলতাৰ গোন্ধ পাই নাক-কোঁচোৱাসকলৰ চকুত আঙুলি দি তাৰ পৱিত্ৰ অংশ যি দৰে দেখুওৱা হৈছে, তাত শিল্পীৰ শ্ৰেষ্ঠত্ব বঢ়িয়াকৈ ফুটি ওলাইছে। প্ৰথম দিনা নৈ-ঘাতত পদুমী পানী আনিবলৈ যাওঁতে বৰশী বাই থকা শান্তিৰামে মুকলিকৈ