পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/২৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২২৩
“ৰঙ্গিলী উপন্যাস—ৰজনীকান্ত


ৰেণু। বৃন্দাবন মতলীয়া কলীয়াৰ বেণু॥’’ মাতৃ মাথোন— “বিশাল প্ৰকৃতি স্নেহ তিল তিল কৰি। গোটাই ৰচিলে মাতৃ জনমদায়িনী॥” প্ৰেম—

“ব্ৰহ্মাণ্ডৰ সত্ত্ব যিটো পৰিছে নিজৰি; গিৰি বন গছ লতা সচেতন কৰি;
অমৃত হাঁহিৰ ৰং ফুলত ফুলায়; যি শকতি প্ৰভাৱত মন্দাকিনী যায়;
অণু-পৰমাণু মিলে আঁতৰি অন্তৰ, পৃথক আতমা মিলি হয় একেশ্বৰ;
ব্যৱধান ক্ষয় হয়, ওচৰে আঁতৰ, অব্যক্ত বেকত হয়, গুচে আত্ম পৰ;
সৰ্ব্বাঙ্গে সৰ্ব্বাঙ্গ লয়, জীৱনে জীৱন; আনন্দে আনন্দ মহানন্দৰ স্ৰজন;
সংজ্ঞাৰ অতীত শক্তি বিশ্বব্যাপী কায়; ক্ষণিক সম্ভোগে যাৰ দেৱত্ব মিলায়;
মৰু বুৰে, শিল পমে, বিন্দুৰ পৰশে। প্ৰেম আখ্যা মহাশক্তি জগত প্ৰকাশে।”
আৰু এই “প্ৰেমত ঘূৰিছে ভূমণ্ডল। প্ৰেমত ফুলিছে শতদল॥”

মিলন, চতুৰ্থ বছৰ প্ৰথম সংখ্যা; অঘোন-মাঘ, ১৮৪৭

⸻⸻


“ৰঙ্গিলী” উপন্যাস—ৰজনীকান্ত

“মিৰি-জীয়ৰী’, “মনোমতী” আমি উপন্যাস-প্ৰণেতা শ্ৰীৰজনীকান্ত বৰদলৈ দেৱে ৰচনা কৰা এইখন ৺চন্দ্ৰকান্ত সিংহ স্বৰ্গদেৱৰ ৰাজত্বৰ কালৰ অসমৰ প্ৰথমবাৰ মানৰ আক্ৰমণৰ ঘটনা লৈ লিখা বুৰঞ্জীমুলক উপন্যাস।

 ইংলণ্ডতে বৰ্ত্তমান উপন্যাস প্ৰথম জনম, সিও সৌ দুশ বছৰৰ ভিতৰৰ কথা। কিন্তু সম্প্ৰতি পৃথিবীৰ সকলো উন্নত সাহিত্যৰ সৰহ অংশ এই বিধ সাহিত্যয়ো ঢাকি পেলাইছে। বৰ্ত্তমান ইয়াৰ প্ৰভাৱ অতুলন। খৃষ্টীয় অষ্টাদশ শতিকাৰ সকলো নতুন জাগৰণত উপান্যাসৰ আবিৰ্ভাৱে সচাকৈয়ে অশেষ উপকাৰ সাধিলে। ইয়াৰ আগতে অকল ইংলণ্ডৰ কিয় বোলোঁ, সমগ্ৰ ইউৰপৰ পঢ়ুৱৈ সমাজ অতি খীণ আছিল। সাধাৰণ লোকৰ গাইগুটীয়া জীৱনক প্ৰাধান্য দিয়াৰ গইনা লৈ উঠা এই উপন্যাসে পঢ়ুৱৈ সমাজ আচৰিতভাৱে বৃদ্ধি কৰিলে। তেতিয়াৰ পৰা দেখা গল, স্বৰূপতে প্ৰকৃত উপন্যাসেই পঢ়ুৱৈ সমাজ টনকিয়লকৈ গঢ়ি তুলিব পাৰে। কিন্তু