পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/২৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২২৪
অসমীয়া সাহিত্যৰ অধ্যয়ন


সেই অনুপাতে অসমীয়াৰ আন আন বিভাগতকৈও উপন্যাস বিভাগৰ অৱস্থা তেনেই পৰালি-পৰা। আঙুলি-মুৰত লিখিব পৰা এতিয়ালৈকে আমাৰ যি কেখন উপন্যাস আছে, তাৰ নিছেই তাকৰ কেখনমান বুৰঞ্জীমূলক! এনে স্থলত জ্ঞান-বয়স উভয়তে পৈণত বৰদলৈ ডাঙৰীয়াৰ কাপৰ পৰা ওলোৱা এই উপান্যাসখনি যে অসমীয়া সাহিত্যলৈ এটি বিশিষ্ট দান হব তাক সহজে আশা কৰা হয়।

 বুৰঞ্জীমূলক উপন্যাসত ঘাইকৈ চাব-লগা কথা, বুৰঞ্জীৰ ঘটনা আৰু সমসাময়িক সামাজিক ৰীতি-নীতিৰ সত্যতা অটুট ৰাখি অতীতৰ এখনি উজ্জ্বল চিত্ৰ আমাৰ আগত দাঙি ধৰাত লেখক কিমানখিনিলৈ সফল হব পাৰিছে। তাৰ পাছত উপন্যাসৰ গল্প অংশ, কাল্পনিকতা, চৰিত্ৰ-বিশ্লেষণ আদি বিষবোৰ কেনে হৈছে তাকো সুকীয়াকৈ ফঁহিয়াই চাব লাগে। উদাহৰণ স্বৰূপে, ইংৰাজী সাহিত্যৰ বিখ্যাত ঔপন্যাসিক ৱাল্টাৰ স্কটৰ উপন্যাসবোৰ সাধাৰণতে চৰিত্ৰ-বিশ্লেষণ বিষয়তকৈ লোমহৰ্ষক কাহিনীমূলক বৰ্ণনাৰ প্ৰাধান্য অধিক দেখিবলৈ পোৱা হয়; কিন্তু প্ৰকৃত উপন্যাস স্বৰূপে বিবেচনা কৰোঁতে এইটো ক্ৰুটিমূলক বুলিহে ধৰা হয়। চৰিত্ৰ বিষয়লৈ চকু নিদি, অকল কোনটো ঘটনাৰ পাছত কোনটো ৰোমাঞ্চকৰ ঘটনাৰে পাঠকৰ মন বন্দী কৰিব পাৰি; কি অভিনৱ উপায়ে উপন্যাসৰ সামৰণি পৰিব, অকল তাতে সকলো মন-যোগ আৱদ্ধ কৰি ৰখা সাধাৰণ শ্ৰেণীৰ ঔপন্যাসিকৰ কাম; আৰু এয়ে 'অভিনৱ ঘটনা'ৰ পুথি আৰু প্ৰকৃত উপন্যাসৰ সীমা চিনোৱা ঘাই আঁচ।

 সুখৰ বিষয়, “ৰঙ্গিলী” এই কেউফালে আটকধুনীয়া, আৰু এখন লেখৰ বুৰঞ্জীমূলক উপন্যাস বুলি দহৰ আগলৈ নিসঙ্কোচে আগবঢ়াই দিব পৰা কিতাপ হৈছে। ইয়াৰ বুৰঞ্জী চিত্ৰ সুন্দৰ, সমাজ চিত্ৰ উজ্জ্বল, লিখাৰ গঢ় মনোৰম। ঔপন্যাসিক স্বৰূপে সমূহতে বৰদলৈ ডাঙৰীয়াৰ সমালোচনা কৰিবৰ সময় এতিয়াও নৌ; কিয়নো আমি এতিয়াও তেখেতৰ পথ এই বিষয়ে আৰু ভালেখিনি আশা কৰি আছেঁ। কিন্তু “ৰঙ্গিলী’’ আৰু তেওঁৰ বায়েক দুগৰাকীয়ে এতিয়াই অসমীয়া সাহিত্যিকসকলৰ এখনি শীৰ্ষস্থানত তেখেতৰ ঠাই নিৰ্দ্দেশ কৰে বুলি নিসন্দেহে কব পাৰি। উপন্যাস যদিও সাত-সাগৰ তেৰ-নৈ পাৰ হৈ অহা সাহিত্য, তথাপি বৰ্তমান লেখকে তাক