পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/২৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২২২
অসমীয়া সাহিত্যৰ অধ্যয়ন


 “কদম-কলি”ৰ এটা ঘাই দোষ হৈছে, নাই-নাই-বুলিও ইয়াৰ পাঁচ-ছবুৰি কবিতা অতি অনুপম। ভালেখিনি কবিতা পঢ়ি পঢ়োঁতাৰ মনত অভিমান হয়,—কবিতাই আহি নিজে ধৰা দিছে, তেও কবিয়ে তাক এনেদৰে অনাদৰ কৰিছে কিয়? “কবিতা হয় যদি হওক নহয় যদি নহওক বুলি মাজে-সময়ে লিখা” এই ৰচনাবোৰ নিশ্চয় কবিতানুৰাগী মাত্ৰই নপঢ়ি নোৱাৰে; কিন্তু কথা হৈছে, মন গলেও “অলপো খুকুৰি নাৰাখি তাৰ কাঠসংস্কাৰ কৰি সন্তোষ’’ লভিবলৈ কাৰো সুচল নাই, কিয়নো কবিত্বৰ ব্ৰহ্মাস্ত্ৰ তেওঁৰ সাৰথি। ওপৰত উনুকিওৱা “প্ৰিয়তমাৰ সৌন্দৰ্য্য,” “ভ্ৰম” আদি কবিতা ভাব, ভাষা আৰু ছন্দত যেনে মূৰ্ত্তিমান, আৰু ভালেমান কবিতা সেইদৰেই পুৰণি সাহিত্যৰ ( ক্লাছিক ) সৌন্দৰ্য্যেৰে ভৰপূৰ; অকন্তু নতুনৰ ( ৰমান্টিক) আদৰ্শ ই সেইবোৰক ইমান পূৰ্ণতা দিব নোৱাৰিলেহেতেন। এই ভাবত অসমীয়া সাহিত্যত বেজবৰুৱাৰ কবিতা অতুলন। এজন ইংৰাজ সমালোচকে কবৰ দৰে, পুৰণি সাহিত্যৰ আৰাধকে পূত পৱিত্ৰ মন্দিৰত সোমাই নিতে অতি সন্তৰ্পণে আৰাধ্য দেৱতাৰ পূজা-পাতল চলায়; নৱন্যাস-সেৱী কবি-যোগীয়ে গহীন অটবী বা সুন্দৰ কাম্য কাননত সোমাই সৌন্দৰ্য্যৰ উপাসনা কৰে। ইংৰাজী সাহিত্যৰ দুজন “জন’’ মিল্টন আৰু কীটছ্, এই দুই আদৰ্শৰ উদাহৰণ। কীটছৰ কাব্য-কানন জগতৰ চিৰ আনন্দৰ সামগ্ৰী; তাত মহাকবি মিল্টনৰ পুণ্য তপোবনৰ মহৎ মহত্ত্বৰ (ছব্লিমিটি) বাহিৰে আন সকলো আছে, আন নালাগে, অধিকো থাকিব পাৰে। সেইদৰে আমাৰ এই কবিৰ সৌন্দৰ্য্য-সাধনাও উলাহ-উপবনৰ লাহ-বিলাহ চাই ভোল যোৱা অৱস্থাৰ নহয়, এওঁৰ কদম-কানন একেবাৰে কৃষ্ণ-প্ৰেম-যমুনাৰ পাৰত। সেই যমুনা, সেই যমুনাৰ পাৰৰ প্ৰকৃতি কেৱল একেটি বাঁহীৰ সুৰতেই চিৰকাল উজান-ভাটি। তাত মহত্ত আছে, চঞ্চলতা আছে, মহত্ত্বৰ চঞ্চলতাও আছে; আৰু সৱাৰো উপৰি তাত আত্ম-অধিকাৰৰ চিন আছে। এই গুণ ঘাইকৈ সংস্কৃত আদি পুৰণি সাহিত্যৰ আদৰ্শ বা তাৰ প্ৰতিধ্বনি।

 মুঠতে, “কদম-কলি” সাহিত্য-বৃন্দাবনৰ এটি দেৱোপম পদাৰ্থ। এই পুথিত বৰ্ণোৱা বিষয়বোৰে কবিৰ এখনি সুকীয়া নন্দন জগতৰ ধাৰণা আমাৰ মনলৈ আনে। এই দৃষ্টিত এটি তৰা শুদা এটি “আকাশী ফুল স্বৰ্গ উপবনে। ফুলি আছে নুশুকাই সদানন্দ মনে॥’’ কবিতা কেৱল, “ৰমণীৰ কমনীয় মাধুৰী মধুৰ। আধা ফুটা আধা মাত সৰগ শিশুৰ॥’’ নহলে, “অনাঘ্ৰাত কেতেকীৰ সোণোৱালী