পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/২২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২১৫
“বীণ-বৰাগী’’ কবিতা—চন্দ্ৰকুমাৰ


“মোৰেই জগতখনে মোকেই মাতিছে।
গৃহস্থলৈ আলহীৰ আসন পাতিছে॥
মোৰেই বচন হৰি মোকে আদৰিছে।
চিৰ-চিনাকিৰে নকৈ চিনাকি পাতিছে॥
মোতে শিকি দেখুৱাই মোকে মোৰ ভাৱ।
মোৰেই বাঁহীটি কাঢ়ি বজাওঁ বজাওঁ॥’’

কবিৰ ই যে দিব্য দৃষ্টি, সন্দেহ নাই; তেওঁৰ এই “নতুন সৃষ্টিৰ ন চকু যুৰি’’ৰে চালে কবিৰ শপতে আমিও কব পাৰোঁ—

“দিব্য দৃষ্টিৰে চোৱাঁ হে জগৎখন।
প্ৰহেলিকা গুচি এয়ে জীবন-ৰঞ্জন।”
“কি সুন্দৰ মুক্ত বায়ু নীলিম আকাশ।
কি সুখৰ জোন বেলি জেউতি প্ৰকাশ!
অসীম সাগৰ মোৰ নাৱেৰেই ভৰা।
মহা সদাগৰ মই অতীজৰে পৰা।”

 এইদৰে নিজস্ব বাণীৰ উপৰিও, মৌলিকতাত, মহত্ত্বত ( ছব্লিমিটী ), ভাব, ভাষা আৰু প্ৰকাশ-ভঙ্গী আদিত, অসমীয়া সাহিত্যত অকলশৰীয়া বীণবৰাগী চন্দ্ৰকুমাৰৰ ঠাই যেনে সম্পূৰ্ণ আচুতীয়া, আসনো তেনে ওখ। খনিকৰৰূপে “প্ৰতিমা’’ত ৰহন সনা দিন ধৰি এওঁৰ এই মৌলিকতা সদায় আছে; সেই অৱস্থাত তেওঁ ঘাইকৈ সৌন্দৰ্য্য-সাধক —“সুন্দৰৰ আৰাধনা জীৱনৰ খেল’’— হলেও, “প্ৰকৃতি”, “আশীৰ্বাদ’’ আদি কেবাটিও কবিতাত “স্নেহে ঢকা সংসাৰৰ তত্ত্ব কোনে লব” বুলি তেওঁ তত্ত্বদৰ্শী কবিৰূপে দেখা দিয়ে। সুপ্ৰসিদ্ধ ইংৰাজ সমালোচক মেথু আৰ্নল্ডে শ্যেলীৰ যি ‘জোনাকী (অসাৰুৱা) কবিতা’ৰ কথা কৈছে, আৰু তাৰ বিপক্ষে ৱৰ্ডছৱৰ্থৰ কবিতালৈ আঙুলিয়াইছে, সেই তুলাচনী ধৰিলে চন্দ্ৰকুমাৰৰ কবিতাৰ সাৰবত্তা পূৰ্ণ মাত্ৰাত দেখিবলৈ পোৱা হয়। “অজেয়” শীৰ্ষক এওঁৰ এই কবিতা এই বিষয়ৰ চূড়ান্ত উদাহৰণ। তদুপৰি “প্ৰতিমা’’ দুই চাৰিটি কবিতাতো তাৰ প্ৰমাণ আছে। মুঠতে, যদি কবিতাৰ সৌন্দৰ্য্য আৰু কবিতাৰ সত্যৰ নিয়ম পালি জীৱনত ভাৰৰ সতেজ আৰু