সুন্দৰ প্ৰয়োগ কৰাতেই কবিৰ শ্ৰেষ্ঠতাৰ নিদৰ্শন হয়; ‘কেনেকৈ জীয়াই
থাকিব লাগিব’ ইয়াৰ সমাধান বা ’জীৱনৰ সমালোচনাই’ যদি কবিসকলৰ
শ্ৰেষ্ঠতাৰ চিনাকি দিয়ে, তেনেহলে চন্দ্ৰকুমাৰ বৰ্ত্তমান অসমীয়া সাহিত্যৰ
প্ৰকৃততে এজন শ্ৰেষ্ঠতম কবি, তাত সন্দেহ নাই।
বীণ-বৰাগীৰ যাত্ৰাৰ লক্ষ্য হৈছে সুখৰ সন্ধান, অমৃতৰ সন্ধান! এদিন তাৰ বাতৰি পাই তেওঁ উলাহত “গণিতা নেচাওঁ, ভণিতা নেচাওঁ, তালৈ সময় নাই” বুলি উলাহত আগ বাঢ়িল—
“জনমৰে পৰা শুনি আহিছিলোঁ সৰগী সুখৰ কথা।
দুখিত তাপিত মানুহে এদিন পাহৰিব দুখ-বেথা॥
সেই দিনলৈকে মহা আয়োজন, চিৰ জীৱনৰ বেহা।
সেই দিনলৈকে জীৱন উছৰ্গা, সেৱাৰ উপৰি সেৱা॥
সেই দিনলৈকে আছে বাট চাই অধীৰ পৰাণে মোৰ।
সেই দিন আজি প্ৰাণৰ প্ৰাণত উশাহে উশাহে পূৰ॥”
এই যাত্ৰাত সচাকৈয়ে “সোণকালকেই বোলে শুভক্ষণ” সাৰ্থক কৰি সকলো মঙ্গলময় হল, কবিয়ে সেই অমৃতৰ সন্ধান লাভ কৰিলে।—“হিয়াৰ মাজেদি অনন্ত সুখৰ পৰি আছে ৰাজবাট।’’ অতি আনন্দৰ কথা, জগতৰ সকলো যুগৰ প্ৰতি সুখ-অন্বেষণকাৰী মনস্বীয়েই এই একে ঠাইতেই মাথোন সেই পৰম সুখ বিচাৰি পাইছে। অলিভাৰ গল্ডস্মিথৰ “বাটৰুৱাই’’ জগত-ভ্ৰমণৰ পিছত, “মিছা, মিছা মোৰ এই সুখানুসন্ধান। মনৰ মাজতে সুখে কৰে অৱস্থান।’’ বুলিবলৈ বাধ্য হল। “স্বৰ্গ-হৰণ’’ ‘স্বৰ্গ-লাভ’ৰ কবি মিল্টনেও তাৰেইহে মাথোন ইঙ্গিত দিছে ‘মনেই প্ৰকৃত ঠাই, ইয়াৰে গুণত। নৰক সবগ হয়, সবগ নৰক।’ গৌতম বুদ্ধৰ দৰে অমৃতৰ এই সন্ধান পাই, কবিৰ উলাহৰ ঠাই নাই—“সকলোকে কওঁ সুখৰ বাতৰি, যাকে পাওঁ হাটে-বাটে।’’ “মহান প্ৰাণ’’ৰ অধিকাৰী-উত্তৰাধিকাৰিতা চিনোৱা ভাৰো অতি ওথ।
এই ‘পৰম-সুখ’ লাভৰ লগে লগেই স্বৰ্গৰ জেউতি স্বভাৱতে জঁই পৰিল, পৃথিবীৰ সৈতে সি ঠাই সলালে-“পৃথিৱীক তোলাঁ স্বৰ্গৰ খাপলৈ, স্বৰ্গক নমাই আনা।” ইমানেই অকল নহয়, তাৰ লগতে কবিৰ “আকাশী নেত্ৰ” আৰু