পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/২২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২১৪
অসমীয়া সাহিত্যৰ অধ্যয়ন

দেখিছোঁ পৃথিবী স্বৰ্গতো অধিক, মানুহৰ নিজপি ঘৰ।
মানুহেই দেৱ ইহ জগতৰ, মানুহেই পৰাৎপৰ।
মানুহৰ প্ৰীতি সাধিবলৈ চোৱাঁ, বিশ্ব জগৎ কল্পনা।
আল ধৰিবলৈ সহস্ৰ প্ৰদীপ, আৰতিৰ ধূপ-ধূনা।
হাঁহিছে মানুহে, কান্দিছে মানুহ, পাতিছে মানুহে প্ৰেম।
ধূলিতে উদয়, ধূলিতে বিলয়, ধূলিও স্বৰ্গীয় হেম।’’

 এই মানৱ-তত্ত্ব নিশ্চয় বঙ্গ-কবি চণ্ডীদাসৰ “সবাৰ উপৰ মানুষ সত্য, তাহাৰ উপৰ নাই” ইয়াতোকৈ সুমধুৰ সুমঙ্গল হৈ ফুটি ওলাইছে। তথাপি ই কবিৰ সেই তৰুণ বয়সৰে ভাবৰ পৰিণতি—“আহিছে মানুহ, গইছে মানুহ, মানুহ ময়াপী জীৱ”; বা—

“মানুহেই দেৱ, মানুহেই সেৱ, মানুহ বিনে নাই কেৱ।
কৰাঁ কৰাঁ পূজা পাদ্য-অৰ্ঘ্য লই, জয় জয় মানৱ দেৱ॥”

 এই মানৱ-তত্ত্বৰ দৰে কবিৰ 'মই’-তথ্যও আদি-বয়সৰ ভাবৰে ক্ৰমবিকাশ, “তুমিয়েই ভাৱৰীয়াৰূপে বিশ্ব জুৰি, ক্ৰীড়িছা হে মানৱাত্মা, লীলা দেখুৱাই।” আৰু কবিৰ এই ভূমা ভাবত এই বিৰাট বিশ্ব এটি সামান্য বুদবুদৰূপে লীন যোৱা দেখি জয়ৰ উলাহত তেওঁ গাই উঠিছিল—

সংসাৰ মোৰেই পূৰ্ণ দেখোঁ, আছোঁ মাথোঁ নিৰঞ্জন মই।
নাই তুমি, কেও আৰু নাই, পাৰাঁ যদি হোৱা মোতে লয়॥
মই মই মই মাত্ৰ বিপুল সংসাৰ,—মই মই মই সুৰে শুনা।
বাজিছে প্ৰাণৰ বীণা তান, মই বিনা আছেনো কি, গুণা॥

এই “মই’’ সেই “স্বাৰ্থ-অহঙ্কাৰে বাহ বন্ধা” সংসাৰৰ “ৰ'লগা পলু যেন খোলাটি মুগাৰ” নহয়; এয়ে সেই ভূমা। উপনিষদ আদি হিন্দুৰ চৰম গ্ৰন্থবোৰেও এনে তত্ত্বকেই প্ৰকাশ কৰিছে। কিন্তু এইবোৰ নিৰস দাৰ্শনিক তথ্য মাত্ৰ নহয়, কবিৰ কল্পনাৰ ভাপত সিজি একেবাৰে “জাহ্নবী যমুনা বিগলিত কৰুণা’’ হৈ পৰিছে—