পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/২২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২১৩
“বীণ-বৰাগী’’ কবিতা—চন্দ্ৰকুমাৰ

পাপৰ মজিয়া নিয়ালোঁহেতেন অথাই সাগৰৰ তল,
ব্ৰহ্মাণ্ডৰ চিন থাকিলহেতেন মাথোঁ সাগৰৰ জল।”

 কবিত্বৰ স্বৰূপতো এইখিনি বিতোপন বুলিব লাগিব। কবি ইয়াত অকল যে ৰুদ্ৰৰূপী এনে নহয়, ব্ৰহ্মাৰূপীও; ধ্বংসমুলক হোৱাৰ লগতে তেওঁৰ কল্পনা সৃষ্টিমূলকো হৈছে—

“মান-অপমান ঢৌয়াই যাওক পৃথিবীৰ পৰা গুচি।
নতুন সৃষ্টিৰ অৰুণ কিৰণে কৰোক সকলো শুচি॥
দুখ লাজ ভয় নাথাকিব আৰু নতুন জগৎ সিটো।
হেৰোৱা বীণৰ আনন্দৰ সুৰ বাজিব দিনৰে দিনটো॥

 যদিও সংসাৰ-পথত তেওঁ দুখ-বেজাৰৰ বহুত চোকা ৰ’দো পাইছে, তাৰ ভিতৰতে তেওঁ জিৰণিৰ ঠাই নেদেখি থকা নাই। কবিৰ এই অনন্ত যাত্ৰাত দুখৰ ভাৱনা অন্ত হৈ কবিৰ প্ৰাণত মাজে মাজে সুখৰ মধুৰ সপোন ওপঙি ফুৰিছে। সেই সপোনৰ জিলিঙনিয়ে যেন আমাৰ প্ৰাণলৈও ভূমুকি মাৰিছে—

“বাটৰ আগত বাট বাঢ়ি যায়, খন্তেক জিৰনি আহে।
খন্তেকতে মোৰ অনন্ত সুখৰ সোণালি সপোন হাঁহে॥
সুলকিছে লাহে সংসাৰৰ বান্ধ, মুকলিছে মন মোৰ।
মুকলি আকাশ মুকলি, মুকলি প্ৰকৃতি আইৰ মূৰ।
দিয়াঁহে মুকলি কৰি মোৰ প্ৰাণ, দিয়াঁ দেবি, দিয়াঁ দিয়াঁ।
দিয়াঁ দিব্য চকু, বিমল জেউতি, দেখি উধায়োক হিয়া।
সুখৰ সঙ্গীত গোৱা দেবি গোৱা, জগত নিচুক হোক।
দুখ দন্দ শোক পাহৰি কোঢ়াল শান্তিত বুৰোক লোক॥’’

এইদৰে কবিয়ে এই অসম্পূৰ্ণ পৃথিবীৰ দুখ-বেজাৰৰ নিৰাকৰণ চিন্তাতে ক্ষান্ত হোৱা নাই, এই পৃথিবী স্বৰ্গ কিয়, “স্বৰ্গতো অধিক” কৰিহে এৰিছে। নবীনৰূপে তেওঁ এদিন দেখিছিল “এই যে পৃথিবী স্বৰ্গতো অধিক, মানুহৰ নিজাপি ঘৰ।”; তাকে আমি প্ৰবীণৰূপে তেওঁ দৃঢ়কৈ ভাবিছে—