পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/২২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২১২
অসমীয়া সাহিত্যৰ অধ্যয়ন

সহস্ৰ বেদনা তাত প্ৰতিফলিত হৈছে। সেয়ে আকৌ বীণত ঠেকা খাই সহস্ৰ-মুখী হৈ বিশ্বত সুন্দৰকৈ বিয়পি পৰিছে—

“গোটেই সংসাৰ দুখৰ বোজাটো নহয় যে এলা-পেচা!
সেয়ে প্ৰতিক্ষণে খুন্দিয়ায় মোক, বুকুত গধুৰ হেচাঁ॥”
“প্ৰাণৰ প্ৰাণত দুৰ্থীৰ দুৰ্দ্দশা বাজিছে আপোন ৰাৱে।
জগৎ জুৰিব তোমাৰ হিয়াত পৰি প্ৰতিধ্বনিভাৱে॥”

 বীণৰ লগত বৰাগীৰ সম্বন্ধও অতি অন্তৰঙ্গ, “প্ৰাণে প্ৰাণে মিলি যোৱা।” বীণৰ মহিমা গাই তেওঁ মুগ্ধ, আমি শুনিও মোহিত! তাৰ বিননি শুনি পশু- পখী গছ-লতা থৰ হয়। “লুইত উজায়, জোন তধা লাগে,মানুহৰ কিবা কথা?” এই “সৰগৰ বীণ লৱনু অধিক, কোমলৰে কুমলীয়া”। তাকে লৈ পুৱা সুখৰ সন্ধানত তেওঁ ঘৰৰ বাহিৰ ওলাল; কিন্তু—

“সুখ সুখ বুলি ফুৰিলোঁ বিচাৰি, সুখৰ দেখা-দেখি নাই।
পাই পখিলাটি সুধিলোঁ এদিন, সুখ কেনেকুৱা ভাই?
থাপতে চিলাই নিলেহি উৰাই! সুখ কোনে কোনে কয়?”—

 কি সকৰুণ! তথাপি “সুখ বোলে হেনো সংসাৰৰ সাৰ, ওলালোঁ জোলোঙা লৈ’’। কিন্তু তেওঁৰ অভিজ্ঞতা অবৰ্ণনীয়—“হে প্ৰাণৰ বীণ, যি দেখিলোঁ আৰু, কবলৈ লাগিছে বেয়া।’’ খনিকৰে এদিন কৈছিল “মানুহে মানুহে ইমানহে মৰম? —চকু-লো পৰে সুৱঁৰি।” বীণ-বৰাগীয়ে তাকেই দোহাৰি কওঁতে, “মানুহে মানুহে পৰতকৈ পৰ, এফেৰি মৰমো নাই।” এই বাণী ৱৰ্ডছৱৰ্থৰ ’নৰেই নৰক কি শেল শালিছে, ভাবি দুখ লাগে বৰ’ বোলাতকৈ অধিক মৰ্মস্পৰ্শী হৈ উঠিছে। ইয়াৰ লগে লগে কবিৰ বীণত কৰুণ সুৰৰ মেঘ-মল্লাৰৰ ঠাইত দীপকৰ জুই ফিৰিঙটি বৰষিবলৈ ধৰিলে—

‘আঙুলি বুলাব জনা হলে আজি আনিলোঁহেতেন টানি,
হিমালয় চূড়া বুৰালোঁহেতেন উছালি কলীয়া পানী।
আকাশৰ তৰা নমালোঁহেতেন থপিয়াই লাখে লাখে,
জোন বেলি গ্ৰহ পেলালোঁহেতেন দলিয়াই জাকে জাকে।