পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/১৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৮৯
ৰাজকীয় পত্ৰ, মানুহ বেচা আৰু পেৰা-কাকতাদি

১৬৪৬ ত জয়ধ্বজ সিংহই দিল্লীৰ বাদশ্বাহলৈ দিয়া চিঠি : “লেখিতং শ্ৰী শ্ৰীযুত জয়ধ্বজ সিংহ ৰাজা আচদম সুলতান সুজাকে খলাকে উক্ত বিশ্বনাথ হামিদা লোককে কহে সো ৰাজবিলায়ত ৺ৰায়তকো দেউল কৰকে আসামে নিয়াথা......যবতই ৰূপৱা হাতী দেনেকো ওৱদাকি আছোঁ তব তই বৰ গোহাঁইকা বেটা, বুঢ়া গোঁহাইক বেটা, বৰপাত্ৰকা বেটা, গড়াগঞা ফুকনকো বেটা, মোৰ মুলুকে বিসই চাৰ আদমি বৰা আৰ মদাৰ ভিন্নকে ওঁই পৰ সো আস্তে এহি চাৰ আদমিকো ওল দিয়া তোমৰা পাস।•••আৰ মেৰা এতবাৰি এক গোমস্তাকে ভেক পাইকো সে গুৱাহাটিকি ফৌজদাৰকে হামেচা হাজিৰ ৰহে। ১৫৮৮ শক, মাস মাঘ।”

 ১৬৪৬ ৰ ২০ ফেব্ৰুৱাৰী মানত লাচিত বৰফুকনে নৱাব দিলাল খানলৈ দিয়া পত্ৰ : “সৌহাৰ্দ্যপূৰ্ব্বক লেখনম্ প্ৰয়োজনঞ্চ। এখা কুশল : তোমাৰ কুশল সৰ্ব্বদা চাহি। আৰু দেখা : তুমি গৱাইত কৰি কই পঠালা বোলা তোমাক প্ৰতি ৰুস্তমৱেগ দোবেগৰ হাতত বকচিচ্ কাটাৰি ভেজিছে : তাক তুমি অত্যন্ত প্ৰণতি যুক্ত হইয়া জ্ঞাপন কৰাইবা। ইহাকো তুমি কি নিমিত্তে কহিছাঁ : কিন্তু আমাৰ কুশলক বাঞ্ছাইহে কহিছা, এতেকে আমিও তোমাৰ বচনক ৰাখি যেমনে সাদৰপূৰ্ব্বকে লইবাৰ লাগে তাক সমস্তে কৰিলোঁ। ......আৰ যি কিছু হস্তী ৰূপীয়া বাকী ৰহিছে তাক তালাস কৰিছোঁ ....... তিয়াৰ কৰিবাক নৌ পাৰোঁ, যেখন তিয়াৰ হয় ইহাকো তেখনে ভেজিম : আৰ ইমাননো কি দিবঙ্গ হৈছে, যাতো সমস্তে লোক উজাৰ এই, কাৰণেহে দিবঙ্গ। আমি যদি দিবাক পাৰোঁ তেবে আমাৰহে ভাৰ গুচে। ইহাকয়ো আমি জানো আৰু দেখা তুমিও পূৰ্ব সীমনাৰ নিমিত্তে বচন বুলি গৈছা, সি যেমনে ৰক্ষা পাব তেমতখান কৰিবা। আৰ আমি অধিক কি কহিম, আপনি সমস্তে জানা। আৰ তোমাৰ কুশলাদি লেখিয়া সন্তোষিবা। ইতি শক ১৫৮৫, তাৰিখ ৮, মাস ফাগুন।’’

 ১৬৬৮ ত ছাস্তাখাই অসমৰ বুঢ়া গোহাঁইলৈ লিখা পত্ৰ : “স্বস্তি সদুত্তঙ্গ নিকেতন নানাগুণালংকৃত নিজকুলকমল প্ৰকাশনৈক ভাস্কৰ শ্ৰীযুত বুঢ়া গোহাঞ সুচৰিতেষু : সৌহাৰ্দ্দপূৰ্বক লেখনং কাৰ্য্যঞ্চাগে। ইখানে সমস্ত কুশল : সিখানেৰ কুশল লেখিয়া সন্তোষ কৰাইবা। আৰ তোমাৰ দুই উকিলৰ সনাতন ও চন্দ্ৰ কন্দলীক ৺ৰ হজুৰ ভেজেছিল : তাত আমিও তোমাৰ