পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/১৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৯০
অসমীয়া সাহিত্যৰ অধ্যয়ন

কাৰণে উমৰাওৰ ঠাই লেখিছিলোঁ। উমৰাওৰ তোমাৰ দৰ ওপৰত জেমত স্নেহ জেমত মেহৰ তাক তোমাৰ দুই উকিলৰ মুখে জানিবা। আমাৰ উমৰাও তোমাৰ দৰ উপৰে বহুত স্নেহ কৰি এক যোৰা জামাদাৰ শিৰ পাও দিয়া আপনাৰ এভবাৰী আদমি শ্ৰীপণ্ডিৎ ৰায় উকিলক ভেজিছে। অতএব তোমাক লাগি লেখো, তুমিও ৺যেমনে উমৰাও ঘোচাল হয় তেমত কৰিয়া শ্ৰীপণ্ডিৎ ৰায়ক চিতাপে বিদায় দিবা।...আমি যে তোমাৰ ভালকেহে ইচ্ছা কৰোঁ। অতএব পাৎসা যেমত আপুনি জানা আৰ এমত কৰিব। আৰ বাকী হাকিকত তোমাৰ উকিল মাধৱচৰণ ও পূৰ্ণানন্দৰ মুখত হন্তে শুনিবা। বহুত কি লেখিম। আপেনে জ্ঞাতা। ইতি। সন ১০৭৪ তাং ২৯।’’

 মন্ত্ৰণাকুশল ( ডিপ্লমেটিক) এই সম্পৰ্কীয় পত্ৰবোৰৰ মূল্য অভিনৱ। বিদেশী বা বিজাতীয় কৰ্তৃপক্ষলৈ লিখিব লগা হোৱা বাবে ইয়াৰ ভাষা অসমীয়া- বঙল-হিন্দী পাছী-সংস্কৃত সকলো মিসাই লিখিব লগা হৈছে; তথাপি তাত অসমীয়া জাতীয় ৰীতি আৰু জতুৱা ঠাচ সম্পূৰ্ণ ৰক্ষিত হৈছে সন্দেহ নাই। দিলাল খাঁলৈ লিখা ফুকনৰ চিঠিত : “আৰু ইমাননো কি নিমিত্তে দিবঙ্গ হৈছে, যাতো সমস্ত লোক উজাৰ এই কাৰণেহে দিবঙ্গ। আমি যদি দিবাক পাৰোঁ তেৱে আমাৰ হে ভাব গুচে।” এই ভাষাৰ ছাল যিয়েই হওক, খোলা আৰু শাহ উভয়তে ই হাড়ে-হিমজুৱে অসমীয়া। বাক্য চুটি হলেও সৰল আৰু সবল; তৎসম শব্দৰ প্ৰাধান্য নহলেও ইয়াত গাম্ভীৰ্য্য আৰু শক্তিৰ খতি-খুন হোৱা নাই, আৰু ভাষা মিহলি হলেও সুৱলা আৰু প্ৰাঞ্জল৷ বঙালী সাহিত্যৰ বুৰঞ্জী-লেখকবিলাকে বঙলা আদিম গদ্যৰ আহি ৰূপে নৰনাৰায়ণে খোৰা ৰজা চুৰামকালৈ দিয়া পত্ৰখন দাঙি ধৰা কথা ৰহস্যপূৰ্ণ : তাত প্ৰথম পুৰুষৰ ক্ৰিয়াত ব্যৱহাৰ কৰা আছি” “কৰি” আদিৰ বাবেই যদি সেই পত্ৰ বঙলা গল্পৰ নমুনা হব পাৰে, তেন্তে জয়ধ্বজে দিল্লীৰ বাদশ্বাহলৈ লিখা পত্ৰৰ “দেউল কৰকে আসামে নিয়াথা” “মোৰ আপোনাৰ বেটী আৱৰ ৰাজা তিপামকা বেটী” “তোমৰা পাস্” আদি ব্যাকৰণমূলক গঢ়ৰ বাবে তাক হিন্দী সাহিত্যৰ বুৰঞ্জী-লেখকে সহজে দাঙি ধৰিব পাৰিব। মুঠ কথা, সাহিত্যৰ সামগ্ৰি হব পৰা কথা ভাবি এইবোৰ পত্ৰ লিখা হোৱা নাছিল; আচহুৱা ঠাইৰ দুই পক্ষৰ মাজত যেনেদৰে লিখিলে কথাখিনি সম্যকৰূপে বোধগম্য হয়, ভাব খেলিমেলি নহৈ সবল আৰু শক্তিধৰ হব পাৰে তাকে উদ্দেশ্য কৰি লিখা এই