বীজ অঙ্কুৰিত হইতে বহে। তোমাৰ আমাৰ কৰ্ত্তব্য সে বৰ্দ্ধত্বক পাই পুষ্পিত ফলিত হইবেক আমৰা সেই উদ্যোগত আছি। তোমাৰো এই গোট কৰ্ত্তব্য উচিত হয়, (কব) না কব তাক আপনি জানা। অধিক কি লেখিম। সত্যানন্দ কাৰ্ম্পি, ৰামেশ্বৰ শৰ্মা, কালকেটু ও ধুমা চৰ্দাৰ, উদ্ধবানন্দ চৌদিয়া, শ্যামৰাই ইমাৰাক পাঠাইতেছি। তোমাৰাৰ মুখে সকল সমাচাৰ বুলিয়া চিতাপ বিদায় দিবা।”
“অপৰ উকিল সঙ্গে ঘুড়ি ২, ধনু ১, চেঙ্গা মৎস ১ জোৰ, বালিচ ১ জকাই, ১ সাৰি, ৫ থান এই সকল দিয়া গইছে। আৰু সমাচাৰ বুঝি কহি পঠাইবেক। তোমাৰ অৰ্থে সন্দেশ গোমচেং ১, ছিট ৫, বাগৰি ১০, কৃষ্ণ চামৰ ২০, শুক্ল চামৰ ১০। ইতি শক ১৪৭৭ মাল আষাঢ়।’’
১৯০১ ২৭ জুনৰ “অসম-বন্তি” কাকতত এই পত্ৰ প্ৰথম প্ৰকাশিত হয়।
“কোচবিহাৰৰ ইতিহাসত’’ (প্ৰথম খণ্ড, ১০৫ পিঠিত ) আছে, এই পত্ৰ আৰু উপহাৰ দেখি বৰগোঁহাইৰ খং উঠি কলে “এই যে মাছ আনিছে তাক আমাৰ মানুহে ব্যৱহাৰ নকৰে......আৰু এই সাৰী কেইখন যে পঠাইছে তাক আমাৰ দেশৰ খাৰচাইহঁতেহে পিন্ধে।” যি হওক, এবছৰৰ মূৰত আহোম ৰজাই তাৰ উত্তৰ এই বুলি লিখি পঠালে :—
“লিখনং কাৰ্য্যঞ্চ | অত্ৰ কুশল। তোমাৰ কুশল বাৰ্ত্তা শুনিয়া পৰমাপ্যায়িত হৈলোঁ৷ আৰু যে লিখিছা প্ৰীতি-বৃক্ষ অঙ্কুৰিত, সেয়ে তোমাৰ আমাৰ সাহ্লাদত বৃদ্ধিক পায়া ফলিত পুষ্পিত হৈবাৰ থান যি কহিছা ই-গোট বিশেষ। কিন্তু তোমাৰ আমাৰ প্ৰীতি-গোট যিহত হন্তে ঘটিছে সমস্তে জানা। সেই ৰূপ মৰ্য্যদা ব্যৱহাৰত যৰি বহিব ফলিত পুষ্পিত কিসক নহৈব। আমৰা পূৰ্বধ অভিপ্ৰায়তে আছি। আৰু উকিলৰ সঙ্গে যিসকল দ্ৰব্য পঠাইছিলা, ইসকল সভাত দেখাইবাৰ উচিত নহয়। যি যি সকলে যিহক আচৰি থাকে অনীতি হৈলেও আচৰণীয়ক গৈ তাকে নীতি স্বৰূপে দেখে, এতেকে দিবাৰ পোৱা, আৰু সমুচয় সেই সেই দ্ৰব্যত প্ৰবৰ্ত্তনীয় লোকৰ দ্বাৰায়ে সি বুজুৱা গৈছে সেইৰূপে বুজিবা। তোমাৰ উকিলৰ সঙ্গে আমাৰ উকিল শ্ৰীচণ্ডীবৰ ও শ্ৰীদামোদৰ শৰ্ম্মাক পঠোৱা গৈছে। এসৱাৰ মুখে সকল সমাচাৰ বুঝিবা। তোমাৰ অৰ্থে সন্দেশ, নৰা কাপোৰ ২ থান, গজদন্ত ৪ গাঠিয়ন, ২ মোন পহুছব। শক ১৪৭৮ মাস আহাৰ দিন ১০।”