পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/১৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৮২
অসমীয়া সাহিত্যৰ অধ্যয়ন


ৰাজকোঁৱৰবিলাকৰ শিক্ষাৰ কাৰণে ৰামনাৰায়ণ কবিৰাজ চক্ৰৱৰ্ত্তীৰ হতুৱা অসমীয়া গদ্যত লিখোৱা জ্যোতিৰ্ব্বিদ্যা সম্পৰ্কীয় “ভাস্বতী” এখন লেখৰ পুথি। ১৭৩৪ত মহাৰাজ শিৱসিংহ (১৭১৪-৪৪ ) আৰু তেওঁৰ ৰাণী অম্বিকাৰ আদেশত সুকুমাৰ বৰকাথে লিখা দিলবৰ আৰু দোসাই নামৰ দুজন শিল্পীয়ে সুচাৰুৰূপে চিত্ৰিত কৰা “হস্তী-বিদ্যাৰ্ণৱ’’ কথা-পুথিও বহুমূলীয়া। ইয়াত হাতীৰ বিবিধ জাতি, ৰোগ, চিকিৎসা আদি বৰ্ণোৱা আছে, আৰু অন্যান্য চিত্ৰৰ উপৰি আহোম ৰাজসভাৰ চিত্ৰ বিশেষভাৱে অঙ্কিত আছে।—

 “পৰ্ব্বতৰ পৰা ওলাই আহি সোণৰ সৰ পহুএ পানীৰ মুখত কটালি খালেহি। সেই পহুৰে পৰা কতোদিন থাকি দঁতাল মাখুন্দী ছটা হাতি হই হাবিত পচলা খাই ফুৰে, সকল জুৰিএ গুঞ্জৰি ফুৰে। তাৰ পৰা অনেক লাখ-বিলাখ হাতি হল।... নদী পাৰ হোৱা বাঘৰ মাংস গুটি পিত লব, যি হস্তিৰ বলিয়া লেতেৰা গন্ধাই, সেই বলিয়া লব, সমস্তকে মিসলাই বটিব। জেতিয়া হস্তি জুবাৰলৈ নিএ, এই ঔষধ কপালত ঘসিব। গন্ধ মাত্ৰতে হস্তি পলাই। আকে মঙ্গলবাৰে দেওবাৰে হস্তিৰ খিন কুম্ভত ঘসিলে কুম্ভ পূৰ হয়। গম্ভীৰ ধীৰ ধাৰ্ম্মিকসকলৰ মধ্যত শ্ৰেষ্ঠতৰ সৌমাৰ পীঠৰ ঈশ্বৰ শ্ৰীযুত শ্ৰীমন্ত শিৱসিংহ নামে যি মহাৰাজা আৰু তেনে মহিষী শ্ৰীশ্ৰীঅম্বিকা নামে মহাদেৱী, সেই দুইজনাৰ আজ্ঞা ৰত্নমালাক শিৰত ধৰি সুকুমাৰ বৰকাথে এই হস্তি-বিদ্যাৰ্ণৱ সাৰসংগ্ৰহক ৰচিলে। শক ১৬৫৬। আতে চিত্ৰ কৰিবলৈ আজ্ঞা কৰিলে দিলবৰ দোষায় দুই লিখকক।”

 সংস্কৃতৰ হস্তীবিদ্যা, মাতঙ্গ-লতা, গজ-শাস্ত্ৰ আদি বিবিধ গ্ৰন্থৰ ইউৰুপীয় ভাঙনি টোকাই সমন্বিতে পুথি আৰু প্ৰৱন্ধৰ আকাৰেৰে ওলোৱা সম্ভেদ পেৰিছৰ জুলছ, ব্ৰখৰ পৰা পোৱা হৈছে। ১৭৪০ত কোনো অজ্ঞাত লেখকে ঘোৰাৰ বিভিন্ন জাতি, ৰোগ আৰু ঔষধ বিষয়ে “ঘোৰা নিদান” পুথি লিখে। তাৰ গদ্য : “জিঞ্জিনিয়া বাত হলে তিনি খোজ মানক লাগি ঠেঙ্গ চোচোৰাই। যত বাখৰ আছে মানে সৱাকো সৱ আৰু কলাখাৰ মাহডালি সহিতে ৰান্ধি খুৱাব।” কাশীনাথৰ অঙ্কৰ আৰ্য্যা কথা-পুথি আৰু অজ্ঞাত লেখকৰ হৰগৌৰী সম্বাদ কথা-পুথিও এই যুগৰে। গোৰক্ষনাথৰ সংস্কৃত কামৰত্ন-তন্ত্ৰৰ কথা- ভাঙনিৰ আৰম্ভণ—“কৃষ্ণায় নমঃ। অথ শিৱ-পাৰ্ব্বতী সম্বাদ। একদিনা পাৰ্ব্বতীয়ে শঙ্কৰক সোধন্ত প্ৰভূ কামৰত্ন-তন্ত্ৰ মোত কহা। শঙ্কৰে কহন্ত :