পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/১৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৮৩
বুৰঞ্জীৰ গদ্য আৰু জাতি-জন্মৰ গদ্য


জানা পাৰ্ব্বতী, বশ আকৰ্ষণ বিদ্বেষ স্তম্ভন মাৰণ শান্তি পুষ্টি আদি কৰি এই কৰ্ম্মসকল যে কালত যে নিয়মে কৰিব তাক কহোঁ।’’

 মহাৰাযজ কমলেশ্বৰ সিংহৰ আমোলত (১৭৯৫-১৮১০) কমণ্ডকৰ সংস্কৃত “নীতি-সাৰ’’ৰ কথা-ভাঙনিৰূপে কোনোবা বাগীশৰ “নীতি-লতাঙ্কুৰ”ৰ গদ্য : “মনুৰ মতে দ্বাদশ আপ্ত পুৰুষেৰে মন্ত্ৰণা কৰিব, বৃহস্পতিৰ মতে ষোড়শ আপ্ত পুৰুষেৰে মন্ত্ৰণা কৰিব। উশনাৰ মতে বিংশতি পুৰুষেৰে মন্ত্ৰণা কৰিব। আকে মন্ত্ৰীসকলৰ মন্ত্ৰণ-মণ্ডল বুলি বুজিব। এই পঞ্চাঙ্গকে মন্ত্ৰণাৰ অঙ্গ বোলে। সহায় বুলি মিত্ৰক বোলে, সাধন বুলি যুদ্ধোপকৰণক বোলে, উপায় বুলি শমাদি চাৰি উপায়কে বোলে।... মন্ত্ৰণাত বিপত্তি মিলিলে প্ৰতিকাৰ কৰিব পাৰিব। নীতিমন্ত্ৰ পুৰুষে মন্ত্ৰণা কৰি ক্ৰমে শিৰস্কন্ধ বাহু উৰু পাদ এই পঞ্চাঙ্গকে মন্ত্ৰণাত নিয়োজন কৰিব। অঙ্গ হলেহে ক্ৰিয়া ফলৱন্ত হয়। প্ৰকৃতি নিৰ্ণয় দ্বিতীয়।’’

⸺⸺


বুৰঞ্জীৰ গদ্য আৰু জাতি-জন্মৰ গদ্য

কামৰূপ অনুসন্ধান সমিতিৰ পৰা প্ৰকাশিত এখন পুৰণি অসম বুৰঞ্জীৰ গদ্য : “পাছে দুই চেটিয়া বোলে স্বৰ্গ মহাৰাজাৰ সাত মাহৰ পথত নগৰ, তাতে থাকি পাচিছে এক পুত্ৰক চাৰি কুড়ি হাজাৰ ঠাঠেৰে পূৰ্ব্ব দেশলৈ এক পুত্ৰক ষাঠি হাজাৰ ঠাঠ দি জয়ন্তা মগলু ত্ৰিপুৰা এই সকল মাৰি বশ কৰিবলৈ পাচিছে। দক্ষিণলৈ চাৰি কুড়ি হাজাৰ ঠাঠ নগৰ ৰক্ষা কৰি থৈ এক লাখ হজাৰ ঠাঠেৰে আহি কৰতীয়া গঙ্গাত বহিছেহি। এতেকে ৺এ আমি দুইক পঠাই এইখান বুলি আহিছে; মঞি শুনিছোঁ গৌড়েশ্বৰ ডাঙ্গৰ ৰজা। আমি এৱে যুদ্ধকে কৰে নে মিত্ৰৱতীএ হয়। পাছে গৌড়েশ্বৰ বিম্ৰাসা কৰি বুলিলে বোলে শাস্ত্ৰমুখে শুনিছোঁ প্ৰথমে প্ৰীতি গোটহে শ্ৰেয়স। যদি প্ৰীতি নৰহে তেৱেহে যুদ্ধ কৰিবাক লাগে। স্বৰ্গ মহাৰাজেনো কোন প্ৰীতিক বাঞ্ছা কৰে। পাছে দুই চেটিয়া বোলে, কিন্তু আমাৰ ৺ৱে কন্যাৰ অৰ্থেহে বচন বুলি আহিছে।’’ ইয়াক ১৫৩৩ গদ্য বোলা হৈছে; যদি সেয়ে হয় তেন্তে