পিন্ধাইলা। শ্ৰীৰামক দেবী আলিঙ্গন্তে হিয়াত লাগিল। সীতা বোলন্ত,
লক্ষ্মণে দেথি হাসিব, শীঘ্ৰে মাৰ্জ্জনা কৰাঁ। শ্ৰীৰামে বোলন্ত, ভক্তৰ অৱশেষ
নাহি; কিন্তু সুৰত সুখৰ এহি অলঙ্কাৰ। এক দিনা শৃঙ্গাৰত শত শ্ৰান্ত
হেন হুই নিদ্ৰা কৰিলা। সেহি সময়ে এক কাক বৃক্ষ-শাখা হন্তে সীতাৰ
উদাস শৰীৰ দেখি ভোল হুয়া চাপ দিয়া সীতাৰ স্তনত নখে ক্ষত কৰিল।
কোমল শৰীৰৰ ৰুধিৰ বহাইল। ঘাৱ বিষে দেবী কান্দিল৷’
ইয়াত বৈকুণ্ঠনাথৰ দৰেই যদিও “কহন্ত” “বোলন্ত” আদি মৈথিলী-উড়িয়া আদি ধাতুৰ গঢ় দিয়া হৈছে, তথাপি বিষয়-বস্তুৰ জনপ্ৰিয়তাৰ উপৰি ৰচনা- ৰীতিও ক্ৰমে জন-প্ৰিয়তাৰ ফালে বাগৰিছে। সম্ভৱ এই সপ্তদশ শতিকাৰে আগ বা শেষ ছোৱাৰ এখন কথা গুৰু-চৰিতৰ গদ্য :
“এদিন গুৰু-ঈশ্বৰে পুথি লিখি বহি আছে : ওচৰতে আই আৰু বঢ়াৰ পোও বহি আছে। এনেতে এজন লোকে সম্বাদ দিলেহি, জয়ন্তা-মাধৱৰ মৃত্যু হল : মৃত্যুৰ সময়ত কলে, অমৃতৰ কলহত হত সুমালোঁ, বখলা-বখলে খাবলৈ নাপালোঁ। শঙ্কৰদেৱে শুনামাত্ৰেই হাতৰ কাপ খহি পৰি ঢলি গল। আই দেখা পাই কৈছে, বঢ়াৰ পো, ধৰাঁ : কাণ-সমান পো মৰাত খেদ নহল, ভকতৰ পদে আকুল কৰিছে।”
ই প্ৰায় আধুনিক ৰীতিৰ। মুঠতে, যুগৰ প্ৰভাৱৰ উপৰিও বিষয়-বস্তুৰ স্বভাৱ অনুসৰি গদ্য-ৰীতিৰ তাৰতম্য যথেষ্ট হব পাৰে। সপ্তদশ শতিকাৰ বা অষ্টাদশ শতিকাৰ আগভাগৰ শ্ৰীহস্তমুক্তাৱলীৰ ভাঙনি ইয়াতকৈ প্ৰাচীন- গন্ধী : “মহেশে বোলন্ত, হে গৌৰী তুমি কিবা হস্তৰ ৰসক জানা। গৌৰী বোলন্ত, আমি যদি নাজানো, আন কোন বা স্ত্ৰীয়ে জানে! মহেশে বোলন্ত, যদি জানা তেৱেঁ কহাঁ: হৃদয়ত দুই স্থলপদ্ম হস্ত হৈলে কিহক কহে। গৌৰী বোলন্ত, দুই স্তনক কহে। গৌৰী বোলন্ত, পুনৰ্ব্বাৰ আন সোধোঁ৷ মহেশে বোলন্ত, কৰ্ত্তৰি মুখ নাম হস্ত দুইক একেলগ কৰিলে কিহক কহে, ইয়াক কহাঁ। এহি শুনি ৰতি-সুচক হস্ত জানিয়া অল্প হাস্য কৰিয়া অধোমুখ হইল। এমন গৌৰীক হাস্য কৰি চুম্বন কৰিছা যে মহেশে, সেহি সদাশিৱে তোৰা- সকলক ৰক্ষা কৰন্তোক৷’’
বৈষ্ণৱ গদ্য আৰু বুৰঞ্জী গদ্যৰ উপৰিও এই যুগত বিবিধ বিজ্ঞানবিষয়ক গদ্য ৰচিত হোৱা কথা বিশেষ উল্লেখযোগ্য। ১৬৯৫ মানত মহাৰাজ ৰুদ্ৰসিংহই