পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/১৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৮০
অসমীয়া সাহিত্যৰ অধ্যয়ন


 অজামিল উপাখ্যানৰ গদ্য : ‘অজামিল বোল, হৰি হৰি : হামু, মহাপাপীক তিনি দূতে নৰকে লৈয়া যায়। চাৰি পাৰিষদ আমি ৰাখল : তাহা মুখে নামৰ মহিমা শুনলোঁ। জানো হৰি বিনি গতি নাহি : আজু চাৰি সিদ্ধক বচনে প্ৰমাণ। কৃষ্ণ বিনে কৃপাময় দেৱ নাহি, জানিয়ে কৃষ্ণৰ চৰণে শৰণ লুলোঁহো। কৃষ্ণ নাম গলে বান্ধলোঁ, কৃষ্ণে বিক্ৰয় গৈলোঁ। কৃষ্ণ কথা মুখে লৈবোঁ : কৰ্ণে কৃষ্ণ কথা শুনবোঁ : নেত্ৰে ভক্তক দেখবোঁ : হস্ত দুহো কৃষ্ণৰ কৃত্য কৰবো : শিৰে কৃষ্ণক নমস্কাৰ কৰবোঁ॥ প্ৰথমে ভক্তৰ সঙ্গ লৈবোঁ, যেন পুনবপি যাতনাত নযাঞ। হে কৃষ্ণ বাপ, ত্ৰাণ কৰহ।”

 কোনো অজ্ঞাত লেখকৰ কথা-পদ্মপুৰাণৰ আৰম্ভণ : ‘মহাদেৱত পাৰ্ব্বতীয়ে সোধন্ত, হে মহাপ্ৰভু সদাশিৱ, মই যদি তোমাৰ নিজ দাসী হওঁ, মোক প্ৰতি প্ৰসন্ন হৈয়ো : ৰুদ্ৰাক্ষৰে কুশ-মূলৰে কি মহিমা মই শুনিবাক ইচ্ছা কৰোঁ। .....কাৰ্ত্তিক মাসত যি পৰমেশ্বৰক তুলসী দান কৰে, অযুত গোদানৰ ফল পাই। এই কাৰ্ত্তিকৰে অমাৱস্যাত উল্কা দান কৰিলে পিত্ৰাদি তুষ্ট হই। আৰু মাঘ মাসত যিজনে প্ৰাতঃস্নান কৰি ব্ৰহ্মচৰ্য্য ধৰি ঈশ্বৰক চিন্তি থাকে, তাৰ মহা পাতক নষ্ট হই। ইতি পদ্মপুৰাণান্তৰ অধ্যায় সমাপ্ত। আকে জানি নিৰন্তৰে হৰি বোল হৰি বোল।’’

 আন অজ্ঞাত লেখকৰ কথা-সাত্বত তন্ত্ৰৰ গদ্য : “ৰূপ শব্দ স্পৰ্শ এই তিনি তেজৰ বুঝিবা। ৰস ৰূপ স্পৰ্শ শব্দ চাৰিয়ো জলৰ বুঝিবা। পৃথিবীত সকল গুণ বুঝিবা। চৰিশ তত্ত্বে পুৰুষৰ ইচ্ছা নিমিত্তে হুয়া আপুনাৰ অংশে চতুৰ্দ্দশ চতুৰ্দ্দশ ভূবনাত্মক বিৰাট জন্মাইলা।” আৰু আন অজ্ঞাত লেখকৰ কথা-নামঘোষাৰ গদ্য : “শ্ৰীকৃষ্ণে আপুনাৰি নিজ মুক্তি মহেশক দিলা। কেনেনু আপুনি নিজ ব্ৰহ্ম হুয়া মুৰ্ত্তিক নমিলে, এই কথা হৰি-হৰ সম্বাদত কৈছে। তাৰ পৰা আনি প্ৰথম স্বদ্ধত কৈছে। তাক আনি মাধবদেৱে ঘোষা কৰিলন্ত।”

 উত্তৰ-শঙ্কৰদেৱ যুগৰ প্ৰধান গদ্য-লেখক ৰঘুনাথ মহন্ত। তেওঁৰ কথা ৰামায়ণৰ গদ্য : “শ্ৰীৰামে কহন্ত, হে প্ৰিয়ে, এই বিচিত্ৰ বন দেখি অযোধ্যাৰ দুখো পাসৰিলোঁ॥ দেখ, সুগন্ধ কুসুমবাসিত বায়ু বহে, চিত্ত উন্মাদ কৰে। পখীসৱ পুত্ৰ পুত্ৰ বুলি ডাকিছে; হা হা, আমাৰ মাতা কৌশল্যা যেনো এমতে ডাকিছে।...দিনেক শ্ৰীৰামে সীতাৰ কপালে মানস-শিলা পিসি তিলক