“এতিয়া ভনীপুৰ আতাৰ চৰিত। আতাৰ আদি কলিতা দেশত। কলা
কলিতাৰ গৃহ বুলিছিল। চেকখাম-হাটজিনৈ গ্ৰামে ....ভাদ্ৰত আতা
গৰ্ভে থিতি, আহিনত পিতৃ চলিল। . কাৰ্ত্তিকত সতিয়াই বেটা, চাৰিশ টকা
পিতাৰ আছে দে বুলি ৰাজদূত নি মেলত ঘটাই শাস্তি ধৈলে। আএ
উপায় নপাই পলাই দেশ এৰি অটব্য অৰণ্যে চৰা পৰ্বত পাৰ হৈ তিনি
মণি ফাটে আবব-মিৰি চাৰি মাটি-নিবিএদি অচম দেশ ওলালহি পোন্ধৰ
দিনে, শক্তিমন্ত পুৰুষৰ শক্তি গুণে অনাহাৰে। আই মহা চক্ৰী লোক। টকা
আছিল হাতে। নগৰ সমীপে পৈ নাজিৰা হাটে পসাৰ দিব ধৈলা ধন্যা
দলৈ গৃহে ৰৈ। অনেক দ্ৰব্য হৈ গৰগাঞ বৰদ্বাৰ মুখে পহাৰ আহি গৈ
দিছে ৷...সেই সময়ত আতা গাত, ন মাহ, জন্মে বৈশাগৰ দুপৰ নিশাত
বুধবাৰে শুকা সপ্তমীত। তেহে কাঁহ ডবা পেমা ভেৰু হস্তী ঘোৰা সকলো
বাজি চিহৰিল।”
⸻⸻
বৈষ্ণৱ গদ্য আৰু বিজ্ঞান গদ্য
গুৰু-চৰিতকাৰ সকল নাট্যকাৰো আছিল; ৰামচৰণে কংসবধ, দৈত্যাৰিয়ে নৃসিংহ যাত্ৰা আৰু ভূষণে অজামিল উপাখ্যানৰ অঙ্ক কৰিছিল। নৃসিংহ যাত্ৰাৰ গদ্য; “শিশুসৱ বোলে : হে ৰাজকুমাৰঃ তোহা অন্তেষপুৰ থিক : নাৰদক কমন পৰকাৰে ভেট পাৱল : ওহি সুমধুৰ হৰিনাম নাৰদত হন্তে কমন প্ৰকাৰে শিক্ষা কয়লি। প্ৰহ্লাদ বোল : হে বালকসৱ : নাৰদক যৈছে লাগ পাৱলো তা শুনহ। হামাৰ পিতৃ তপস্যাক গেল শুনিয়ে দৈত্যগণ ভয় হুয়া পলাৱল : ইন্দ্ৰে হামাৰ মাতৃক ধৰি আপোন থানে নিয়া যায়। সোহি সময়ে নাৰদে পাই ইন্দ্ৰক উপদেশ বোলল। নাৰদক বাক্যে ইন্দ্ৰে মাতৃক ছোড়ি আপোন থানে গেলহ। কৃপাময় নাৰদ মাতৃক আশ্ৰমে থৈয়া জান-উপদেশ দেলহ, হামাক গৰ্ভতে উপদেশ দেলহ। হামু ঋষিৰ প্ৰসাদে সুমৰণ কৰোঁহোঁ।”