পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/১৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৬৮
অসমীয়া সাহিত্যৰ অধ্যয়ন


নিঙ্ নি ভাওৰীয়া বুলি হেনো তেনে এজন প্ৰসিদ্ধ লোক আছিল। কিন্তু এই গীতবোৰ গাওঁতাসকল নিশ্চয় তাৰ ৰচয়িতা নহয়, তেওঁলোকৰ শ শ নহলেও কুৰি কুৰি বছৰৰ আগতে সেই গীতবোৰ ৰচিত হৈছিল বুলি আগতেই দেখুৱাই অহা কাৰণত নিসন্দেহে কব পাৰি। বৰফুকনৰ গীতত এইদৰে গাওঁতাজনে সিকি, আধলি বা টকা এটি খোজা কথাও গীততে লিপিবদ্ধ হৈছে। যিহওক, নিজৰে হওক বা আনৰে হওক, টোকাৰি বা বীণৰ সহায়তে হওক বা বিনা সহায়তে হওক, এইদৰে গীত গোৱা প্ৰথা ইউৰপৰ দৰে ভাৰতবৰ্য আৰু অসমতো চিৰকাল প্ৰচলিত থকা কথাটি ভাবিলে বা সোৱাদ লাগে।

পাতনি (সাৰাংশ) জনা গাভৰুৰ গীত; প্ৰকাশিত, ১৯২৫ খৃঃ।

⸻⸻


দিহা নাম—ঘোষাৱলী

কোন মহেন্দ্ৰ ক্ষণত শ্ৰীকৃষ্ণৰূপী ফুল কোঁৱৰৰ “কাঠৰ পখী ঘোৰা, আকাশে উৰাৱত’’ কবি ভাৰতী-মালিনীৰ ফুলনিত পৰিলহি জানো! কিন্তু আজিও সেই সহস্ৰ সহস্ৰ বছৰৰ সোঁৱৰণি বুকুত সাবটি সেই দিনাৰ দৰেই “কদম কুঁৱৰী, বনৰে বাবৰি, ফুলে জকমক কৰে।” আজিও সেইদৰেই—

কাঠৰ পখী ঘোৰাত, উঠি ফুলকোঁৱৰে, মৈৰালৈ মাৰিছিল দলি।
সেউতী মালতী, তগৰ জুতিমালী, সৱেও মেলিলে কলি॥

 সচাকৈয়ে, পুণ্যভূমি ভাৰতৰ ধৰ্মক্ষেত্ৰ সাহিত্য-ক্ষেত্ৰলৈ সেই যে বৃন্দাবন- লীলা-বসন্তৰ অমৰ গৰিমা নামি আহিল, তাৰে চিন স্বৰূপে ভাৰতীয় সাহিত্য ফুলনিৰ হয়বা আধাতকৈ সৰহখিনি আজিও ন ন ফুলেৰে জাতিষ্কাৰ। শ্ৰীকৃষ্ণই সাময়িক ভাৰতৰ প্ৰায় সকলো ক্ষেত্ৰতে যি অতুলন ব্যক্তিত্ব আৰু অলৌকিক মহিমাৰ অৱতাৰণা কৰি গল, সি জগতৰ সাহিত্যতে নিৰুপম। কৃষ্ণৰ এই ভিন ভিন্ বয়সৰ লীলা-বৃত্তান্তবিলাক প্ৰাদেশিক সাহিত্যবোৰতো অতি মনোৰম হৈ জিলিকি উঠিছে। কেচুৱা কৃষ্ণ যেনেকৈ আপোন-পৰ আটাইৰে-