পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/১৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৬৯
দিহা নাম—ঘোষাৱলী


আলাসৰ লাড়ু; বুজন কৃষ্ণ যিদৰে সুশ্ৰী, সাহসী আৰু অসাধাৰণ বুদ্ধিৰ বাবে সকলোৰে প্ৰীতি আৰু প্ৰশংসাভাজন; ডেকা কৃষ্ণও তেনেকৈ আদৰ্শনীয় আৰু অদ্বিতীয় বীৰ; পৈণত বয়সীয়া কৃষ্ণ সেইদৰে জ্ঞান-বিদ্যা আদি সদৌ বিষয়ে সকলোৰে অসীম শ্ৰদ্ধা আৰু ভক্তিৰ পাত্ৰ। এই কৃষ্ণ-শীলা-মাহাত্ম্যকে ভক্তই নানান ভাৱে দেখিছে, হৃদয় ভৰি পান কৰিছে, আৰু জনসাধাৰণকো সাহিত্যৰূপে তাৰ নিৰ্ম্মালি বিলাই দিছে।

 এইটো মনোবিজ্ঞানসম্মত কথা, আমি যাক অন্তৰেৰে ভাল পাওঁ বা আদৰ্শ মানি লওঁ, তেওঁৰ চাৰিওপাশে কল্পনাৰ নানা জয়-মালা গাঁথি আমি ৰঙ্ পাওঁ; তেওঁৰ অবিহনে আকৌ তাৰ মাত্ৰা ক্ৰমে দহ বা শত গুণেও বাঢ়িব পাৰে। ই মানুহৰ এটি সাদৰী গুণ। ইংৰাজী সাহিত্যত ৰাজা আৰ্থৰৰ প্ৰভাৱ এইদৰে লক্ষ্য কৰিব পাৰি। একেজন আৰ্থৰেই সুকীয়া কল্পনাত এনে ভিন্ ভিন্ ভাৱে জিলিকি পৰিছে যে তাৰ ভিতৰত মূল কোনজন ৰজাই সেই সম্মোহন নাম লৈ কোন সময়ত ৰাজত্ব কৰিছিল, তাৰ নিৰ্ণয় কৰাই সুকঠিন হৈ পৰেগৈ। সেইটো যি হওক, এইটো হলে সচা, কোনোবা শক্তিশালী প্ৰজাৰঞ্জক ৰজাই সৰ্ব্বসাধাৰণৰ মনত এনে চিৰকলীয়া সাঁচ বহুৱাই গৈছে যে তাকে লৈ মানুহে বহুত দিনলৈকে কল্পনাৰ মায়াজাল গুঁথি থাকে।

 ভাৰতীয় সাহিত্যৰ শ্ৰীকৃষ্ণ-লীলা তাতোকৈ হাজাৰ গুণে গৰীয়ান এটি। অভিনযৱ কল্পনা। এওঁ যেই সেই এজন ৰজা বা ৰাজনীতিক পুৰুষেই নহয়, এওঁ স্বয়ং পূৰ্ণব্ৰহ্ম। যি কৃষ্ণই গোপীৰ ঘৰত গাখীৰ মাখন চুৰ কৰি খাইছিল আৰু পথাৰত গৰু-চৰাইছিল, সেই কৃষ্ণই পাণ্ডৱ পক্ষৰ ৰথৰ সাৰথি হৈ সাময়িক ভাৰত ইতিহাসৰ অভাৱনীয় পৰিবৰ্ত্তন ঘটাইছিল! আকৌ, যি মুখে বাঁহী বজাই, ব্ৰজৰ জীয়ৰী-বোৱাৰী সামান্য কথা, তৃণ-তৰুক মুগ্ধ কৰি যমুনাকো উজাই ৰোৱাইছিল, সেই মুখেই পাঞ্চজন্য বজাই সৈনিকসকলৰ বীৰ-ৰক্ত উতলাই তুলিছিল; আৰু সৱশেষত—

ত্বমাদিদেৱঃ পুৰুষঃ প্ৰধানঃ ত্বমস্য বিশ্বস্য পৰং নিধানম্।
বেত্তাসি বেদঞ্চ পৰঞ্চ ধামঃ ত্বয়া ততং বিশ্বমনন্তৰূপম্॥

ইত্যাদি ৰূপে অভিহিত হল। গতিকে কৃষ্ণ-কল্পনা আজিলৈকে জগতত প্ৰকৃততে অতুলন।