পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/১৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৬৭
জনা গাভৰুৰ গীত—গীত-কাব্য


আই সৰস্বতী ৰং-ফুল মালতী, তোমালৈ মানি যাওঁ পাৰ।
পাহৰা নামকে, সোঁৱৰাই দি যাবা, যেন উজনীয়া নাৰ॥
আই সৰস্বতী, ৰংফুল মালতী, তোমালৈ মানি যাওঁ পিঠা।
পাহৰা নামকে সোঁৱৰণ কৰিবা, যেনে পাঁজীকটা সূতা॥
জেঠত ৰুই যাওঁ সোন্দা কল এজুপি, কেতিয়া মেলিব থোৰ;
গধূলি পৰতে বন্তিৰ পোহৰতে নামৰো মেলিছোঁ মূৰ॥

ফুকনৰ গীতত প্ৰায় একে বা একে ধৰণৰ তুতিকে পোৱা হয়—

“আই সৰস্বতী, দেৱী পাৰবতী, তোমালৈ বঢ়াই যাওঁ শৰাই।
পাহৰা পদকে, সোঁৱৰাই দি যাবা, যেনে বৰা ধানৰ কড়াই॥
আই সৰস্বতী, দেৱী পাৰবতী, তোমালৈ বঢ়াই যাওঁ কাকৈ।
পাহৰা পদকে সোঁৱৰাই দি যাবা, যেনে বৰা ধানৰ আখৈ॥”

 ইয়াৰ বাহিৰে কথা বা উপমাৰ মোচৰা-গাঁঠি এনেবোৰ গীত আৰু অসমীয়া নামবোৰৰ এটা বিশেষ লক্ষণ। প্ৰায় ঠাইত এনে উপমাবোৰে লগৰীয়া কথাবোৰৰ জেউতি চৰাব। কাচন কুঁৱৰীৰ গীতত “হাই দি তুলিৰব লাই” “মাছৰ কুমলীয়া শল,” “কি মাছ মাৰিবৰ বগ,” “কি মণি কলীয়া হাও,’’ “পোৱালী হাতীৰে শুৰ’’, “লাতিম বৰুৱাক ছাটিম’’ : ফুলকোঁৱৰৰ গীতত এইবোৰৰ কিছুমানৰ উপৰিও “ৰৈয়া শামুকৰ চৈয়া’’, “অৰি কুমাৰৰ ঘৰী’’, “কি চৰাই কৰিবৰ চিঁউ”, “কি মাছ মাৰিবৰ পুঠি”, “কি খৰি লুৰিবৰ চৱা’’, “ঢাপৰ কাণে কটা সিজু”; অনা গাভৰুৰ গীতত এইবোৰৰ কিছুমানৰ বাহিৰেও “কি মাছ মাৰিবৰ জোৰা” আদি, আৰু বৰফুকনৰ গীতত “এ দেউ, বল,’’ “কাউৰীয়ে কৰিবৰ কা’’ আদি অনেক খণ্ড-উপমা পোৱা হয়। এইবোৰ হাড়ে- হিমেজুৱে অসমীয়া ভাবৰ, কিয়নো এই গীতবোৰেই জন-মতৰ সৰল অভিব্যক্তি বুলি কৈ অহা হৈছে; ইয়াত গাওঁতাজন কথক বা আবৃত্তিকাৰক মাত্ৰ। ইংৰাজী সাহিত্যৰ বুৰঞ্জীৰ আদি গত উইডছিথ, ডেৱৰ আদি কবিসকলে আৰু ওঠৰ শতিকাত গল্ডস্মিথ, আদি কবিয়ে গীত গাই জীৱিকা নিৰ্বাহ কৰা বা দেশ-ভ্ৰমণ কৰিবলৈ বাটৰ খৰচ উলিওৱা কথা শুনিবলৈ পোৱা হয়। কিন্তু তেওঁলোক গায়ক বা কবি-কথক; তেওঁলোকে যি গায়, সি নিজৰ ৰচনা। অসমতো এনে ধৰণৰ কবি-কথক এতিয়ালৈকে দুই এজন আছে; কামৰূপৰ