জনা গাভৰুৰ গীত—গীত-কাব্য
মণি কোঁৱৰৰ গীত, ফুল কোঁৱৰৰ গীত আৰু জনা গাভৰুৰ গীত আদি পূৰ্ব্ব
ঐতিহাসিক গীতকে আৰম্ভ কৰি বদন বৰফুকনৰ গীত, মণিৰাম দেৱানৰ গীত
আদি বৰ্ত্তমান কালৰ গীতলৈকে ধৰি ভালেখিনি আখ্যানমূলক গীত আন আন
দেশৰ দৰে অসমতো সদায় প্ৰচলিত আছে। পুৰণি অসমৰ ভাটী ৰংপুৰৰ ফালে
মাণিকচন্দ্ৰৰ গান আৰু ময়নামতীৰ গান নামে ‘গান' বোলা এনে কিছুমান
আখ্যানমূলক গীতো মানুহৰ মুখে মুখে চলি আহিছিল। ছাৰ আব্ৰাহাম
গ্ৰীয়াৰ্ছন ছাহাবে পোনতে এইবোৰ গোটায়, আৰু সম্প্ৰতি সেইবোৰ ঠাই
নতুন বঙলা দেশত সোমাই পৰিছে দেখি কলিকাতা বিশ্ব-বিদ্যালয়ে সেইবোৰ
বঙলা গীত বুলি ধুনীয়াকৈ ছপাই উলিয়াইছে। সেই গীতবোৰ স্বভাৱতে
আখ্যানমূলক আৰু গীতমূলক। ইংৰাজী ‘লায়ৰ’ (বীণ ) শব্দৰ পৰা ওলোৱা
“লীৰিক্স’’ শব্দৰ দৰেই “গীত’’ শব্দয়ো পিছৰ অৰ্থ বুজায়, আৰু আগৰ অৰ্থত ই
ধাই নাম, আই নাম, বন-ঘোষা আদিৰ পৰা পৃথক হয়। গতিকে ইয়াত
এই দ্বিতীয় শ্ৰেণীৰ ৰচনা অৰ্থাৎ নামবোৰৰ পৰা পৃথক বুজাবলৈ ইংৰাজী
‘বেলেড’ৰ প্ৰতিশব্দ স্বৰূপে সেইবোৰক আমি গীত-কাব্য বুলিম। এই গীতবোৰ
সাধাৰণতে বীণ বা টোকাৰীৰ লগত গোৱা হয়। এয়ে এইবোৰৰ প্ৰথম
চিনাকি। তাৰ পিছত মনত খু-দুৱনি লাগে,—এই গীতবোৰৰ ৰচয়িতা কোন?
জেমছ্, গ্ৰীম ছাহাবে কয়, এইবোৰ একো একো জাতিৰ ৰাজহুৱা সম্পত্তি আৰু
সমূহ-ভাবৰ অভিব্যক্তি; গতিকে ইয়াক জাকৰুৱাভাৱেই ৰচা হৈছিল।
কোনো গীতৰ কথাখিনি যে কোনো ৰাইজৰ সৰবৰহী ভাব, আৰু এবাৰ ওপজাৰ পাছত যে ই ৰাজহুৱা সম্পত্তি হৈ অনেক বিপৰীত সাল-সলনিৰ তলতীয়া হৈ পৰে, এই সকলোখিনি কথা মানিব পাৰি; কিন্তু এজন বিশেষ লোক নোহোৱাকৈ জন-সাধাৰণে জাকৰুৱাকৈ একে জোলোকাই এনে একোটি মৌলিক গীত বাকি দিব, এনে কথা মনত ঠাই দিয়াই টান। ঘাই কথা, এই গীতবোৰ নিশ্চয় সমূহ-ভাবৰ অভিব্যক্তি; ৰচয়িতাজন নিশ্চয় এজন গুটীয়া