মানুহ; আন কবিতাৰ দৰেই, তাকে মুখে মুখে, তেওঁ এই গীত ৰচনা কৰে
আৰু তাৰ পাছত সমূহৰ মুখত পৰি কালত ই নানান পৰিবৰ্ত্তন আৰু পৰিবৰ্দ্ধন
লাভ কৰি শেষত হয়বা লিখিত অৱস্থালৈ আহি সি থিৰ বা থৰ হয়।
আজিকালিৰ দিন, কব লাগিলে, কাপ-মৈলাম আৰু তুলাপাতৰ দিন; এনে কালত কলীয়া আখৰকেইটাৰ পৰা সাহিত্যক আঁতৰাই লৈ ধাৰণা কৰা মানসিক একলেখীয়া ডাঙৰ যুজ-বাগৰৰ কথা বুলিব লাগে। আজি-কালি শিক্ষা বুলিলেই যেনেকৈ লিখা-পঢ়া আৰু অঙ্ক কৰা; আৰু শিক্ষিত বুলিলেই কাপ পিহি খোৱা বুজায়; সেইদৰে হাতত কাপ-কাঠি নধৰা বা ধৰিব নজনা এজন লোকক কবি বা গীত-ৰচয়িতা বুলি অনুমান কৰাও এটা শকত কথাই। তথাপি এনে নিৰক্ষৰ সমাজৰ ভিতৰতে যে এনে গীত, নাম, সাধু আদিৰে সাহিত্যৰ এটি ডাঙৰ ভাগ সোমাই আছে, এইটো সকলোৱে জনা কথা। ফৰাছীসকলে কবৰ দৰে ই জানিবা মৌখিক সাহিত্য। লিখা-পঢ়াৰ লগত ইয়াৰ যেন অৰি-ষড়ষ্টক! শিক্ষাৰ দিন যেন পোহৰে ধৰিব খুজিলেই ই যেন পাখি মেলি কৰবালৈ উৰা মাৰে!
যি কালত শিক্ষিত-অশিক্ষিত বুলি দুটা কথা নাছিল বুলিয়ে কব পাৰি, যি যুগত ৰজাৰ পৰা হজুৱালৈকে সকলোৰে মানসিক সম্পৰ্কবোৰ প্ৰায় অভিন্ন আছিল, তেনে দিনতে এনে মৌখিক সাহিত্যবোৰ সাধাৰণতে সদৌ জাতিৰ সম্পত্তি আছিল। কিন্তু ক্ৰমে 'শিক্ষা' আৰু 'সভ্যতা’ৰ বৃদ্ধি আৰু বিস্তাৰ হোৱাত যেতিয়া ‘শিক্ষিত’ 'অশিক্ষিত’ৰ মাজত এটা ফাঁট ওলাল, আৰু শিক্ষিত বোলা- সকলে স্বভাৱতে এইবোৰ অনাদৰ আৰু আওহেলা কৰিবলৈ শিকিলে তাৰ লগে লগে ই অকল অশিক্ষিত বা চহা সমাজৰ এদনীয়া সম্পত্তি হবলৈ ধৰিলে, আৰু তেওঁলোকৰ ভিতৰতে ঠিহনি লাগি সেই দূষিত বায়ুৰ মাজতে, ইয়াৰ ভিতৰতে সংৰক্ষণৰ বাবে লিপিবদ্ধ নকৰিলে, শেষ নিশাহ এৰিবলৈ ধৰিলে। উদ্ভিদ বা জীৱ-জন্তুৰ দৰে জীৱন্ত অবস্থা থাকে মানে হলে এই গীতবোৰৰ গতিশীলতা বা পৰিবৰ্ত্তনীয়তা থাকিবই, সন্দেহ নাই; নহলে যে এই গীতবোৰৰ জাতেই নাথাকে। কিয়নো সমাজতান্ত্ৰিক দেশৰ দৰে, যি পিতৃ-মাতৃৰ পৰাই ওপজক, জন্মৰ পৰাই ই সেই দেশৰ ৰাজহুৱা সম্পত্তি হৈ পৰে; অৰ্থাৎ নতুন সময় আৰু অৱস্থাৰ অধীনত এই গীতবোৰ ৰচয়িতা, কথক বা গায়কৰ ইচ্ছা বা অনিচ্ছা সত্ত্বেও সেই কাল আৰু অৱস্থাৰ উপযোগী হৈ উঠিবই; ইহঁতৰ এই স্বাধীনতাত হাত দিবৰ কাৰো বাপৰ শকতি নাই। সেইবাবেই 'বেলেড’ৰ মূল-পাঠ নাথাকে