দেখিয়া বলক;’’ ৰুক্মৰ অৱস্থা দেখি শশীপ্ৰভাৰ খেদ—“কতনো বুজাইলোঁ
নুশুনিলি হাক-ডাক। তোহোৰ আগত নাপালোঁহো মৰিবাক॥ জমাইৰে
তোহোৰ বুজিৰাক কিয় লাগে” ইত্যাদি শশিপ্ৰভা দ্বাৰকালৈ যোৱাত—
“বিহানিক দেখিয়া দৈৱকী গাৱ চালি। অনেক সাদৰে ধৰিলন্ত আঙ্কোয়ালি॥”
“মহাদৈও দৈৱকীক সাবটিলা ৰঙ্গে।” আৰু “মাৱক দেখিয়া ৰুক্মিণীৰ ৰঙ্গ চিত্ত।
উৰুক-মুৰুক কৰি গৈলা সন্নিহিত॥” শশিপ্ৰভাই আশীৰ্বাদৰ লগতে “মোহোৰ
কেশৰ আয়ু লৈয়া তুমি জীয়া॥ দেখিবাৰ পৰাসে জুৰাইল মোৰ হিয়া॥ হেন
জানো তোক আউৰ নেদেখিবোঁ আই৷” ইত্যাদি, ইত্যাদি। আটাইতকৈ,
কুণ্ডিললৈ উলটি আহিবৰ কালত শশিপ্ৰভাৰ কাকুতি শুনিলে কোন অসমীয়া
জীয়ৰীৰ মাকৰ চকু-লো নোলাই থাকিব?—
“ভীষ্মকো লৰিল, কুণ্ডিলক প্ৰতি, জমাইত মেলানি লই।
দৈৱকীৰ হাত, ধৰিয়া বোলন্ত, শশিপ্ৰভা মহাদই॥
পাঞ্চ পুত্ৰ মাযজে, জীউ একখানি, সমকে মোহোৰ জীৱ।
কাবৌ কৰোঁ হেৰা, পালিবাঁ গোসানী তোমাৰেহে ভৈল জীৱ॥ ৭৮৩॥
সুৱগাত মোৰ, বাঢ়িল ৰুক্মিণী, ঘৰে কৰে নিতে ৰোষ।
ঢাকি-ৰাখি তুমি আপনি চাহিবা, মৰষিবা দশ দোষ॥
তোমাৰ হাতত সম্পিলোঁ জীৱক, কৰিলোঁ হেৰা মেলানি।
মাৱক যাইবাৰ দেখি ৰুক্মিণীৰ নয়নৰ পৰে পানী॥
অনেক প্ৰকাৰে বুজাই ৰুক্মিণীক উলটাই পঠাইলা ঘৰ॥
পাছে সুমালিনী ধাই মাধৱক বোলয় কৰি কাতৰ॥ ৭৮৫॥
কোলায়ে বোকায়ে তুলিলোঁহো দুঃখে, সুখ দিয়া তোক আই।
চৰণত ধৰোঁ কাতৰ কৰোঁহো পালিবাঁ তুমি গোসাঁই॥” ৭৮৬
হাস্য-ৰসৰো ছিটিকনি নবীন কবিৰ এই ৰচনাত বহুত ঠাইত ছিটিকি পৰিছে। বেদনিধি বাপুৱে “সুবৰ্ণ খাটত ঘেলাইলা পাছে গাৱ;’’ কিন্তু কৃষ্ণৰ কুণ্ডিলমুৱা ৰথৰ বেগত পেট উখহি বামুণ যেতিয়া মুৰ্চ্চা গল, তেতিয়া কৃষ্ণৰ আদেশমতে বাঘজৰী আজুৰি ঘোৰা ৰখাই দেখে, তেওঁৰ অৱস্থা “কাহিল”। “চিমিকি ঢিমিকি মাত্ৰ লৰে ধাতুখানি।” আৰু “অনেক আশ্বাস কৰি মাধৱে চিয়ান্ত। তথাপিতো চকু মেলি ব্ৰাহ্মণে নাচান্ত॥১৫৭ নিচিনোহো তোমাক তুমি বা