পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/১৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৩৫
চোৰ-ধৰা অঙ্ক—শ্ৰীমাধৱদেৱ


কোন জন। কৈৰ হন্তে আসি আছাঁ কি কাৰণে আসি। হেন শুনি মাধৱে মাতন্ত হাসি হাসি। ১৫৮’’। ৰজাসকলৰ লগত যাদৱ সৈন্য যুদ্ধত—“কাহাকো লাঙ্গল দিয়া আজোৰন্ত ৰাম। অঙ্কুশি লগায়া যেন ঝোকাৰন্ত আম॥” আৰু “কাকো পেলাই গুৰিয়াৱে যেন মাটি খচে’’ ইত্যাদি। পৰাজিত ৰুক্ম বীৰক প্ৰাণে মৰাৰ সলনি যি লঘু-লাঞ্ছনা কৰিলে, সেই প্ৰসঙ্গত—“কপালত ৰেঘা দিয়া পিন্ধাইলন্ত ফোট। ৰুক্মিক দেখি যেন হলৌ পশু গোট॥’’ এইদৰে মহাপুৰুষে নৱ-ৰসৰ সহায়েৰে “পাতক তাৰণ, ৰুক্মিণী হৰণ’’ ৰচনা কৰিলে যাতে “ইহাৰ শ্ৰৱণ-কীৰ্ত্তনে সাক্ষাতে সাধয় পৰম গতি॥”

[ জেউতি, ১৯শ বছৰ; ৩য় সংখ্যা ]

⸻⸻


চোৰধৰা অঙ্ক—শ্ৰীমাধৱদেৱ

ভাৰতীয় প্ৰাদেশিক ভাষাত লিখা নাটৰ ভিতৰত প্ৰাচীনত্ব সম্পৰ্কে বোধ কৰো অসমীয়া নাটৰ বিশেষ যহ কৰিবৰ ঠাই আছে। আন নালাগে, সেই কালৰ ইংৰাজী নাটৰ লগত ৰিজালেও এই বিষয়ত অসমীয়া নাটে পৰাভৱ মানিব নালাগিব। যি সময়ত অসমীয়া সাহিত্যৰ মহামহিমান্বিত বৈষ্ণৱ যুগৰ ভৰ-পক, সেই সময়ত ইংৰাজী সাহিত্যৰ গৰিমাময় এলিজাবেথ যুগ তেনেই আমা-ডিমা। অসমীয়া নাটক অন্ততঃ পঞ্চদশ শতিকাৰ শেষভাগ মানৰ ভিতৰতে পোনতে ৰচা হৈছিল; কিন্তু মাৰ্লৰ টেম্বৰলেন নাটকেৰেহে ১৫৮৭ খৃঃত সেই যুগৰ প্ৰকৃত ইংৰাজী নাটকৰ প্ৰথম সুচনা হয় বুলি অনেক পণ্ডিতে কয়। গতিকে অসমীয়া নাট দেখাতে তাতকৈ সৰহ-তাকৰ এশ বছৰৰ আগ বঢ়ে।

 শ্ৰীশঙ্কৰদেৱে সেই আদি-এলিজাবেথ কালতে ভাৰত-পৰ্য্যটন কৰে তাৰো আগতে আজি-কালিৰ দৃশ্যপটবোৰৰ দৰে নিজে কাপোৰত নক্সা আঁকি “চিহ্ন যাত্ৰা” নামে ভাওনা পাতিছিল, আৰু আন নানান গীত-পদ আদি ৰচনা কৰিছিল। গ্ৰীছ আদি ইউৰপীয় নাট্য সাহিত্যৰ প্ৰথম অৱস্থাত যেনেকৈ ধৰ্ম্মমূলক নাটৰ প্ৰাধান্য, ভাৰতীয় নাটকৰৰ পাতনি হয় সেইদৰে ধৰ্ম্মমূলক উদ্দেশ্যতে। অৱশ্যে ভাৰতীয় নাটক সৰ্ব্বতোভাৱে ভাৰতীয় মূলৰ পৰাই ওলাইছে, আৰু ইয়াত