শঙ্কৰ-সূৰ্য্যৰ আগমনি সুচাওঁতা পুৱতী ভোটা মাধৱ কনদলীৰ সম্পৰ্কত শঙ্কৰদেৱে
উত্তৰা কাণ্ডৰ ভাঙনিত এইদৰে লিখিছে—
কবিৰাজ কন্দলী যে আমাকেসে বুলি কয়
কৰিলোঁহো সৰ্বজন বোধে।
ৰামায়ণ সুপয়াৰ শ্ৰীমহা মাণিক্য যে
বৰাহ ৰাজাৰ অনুৰোধে॥২৩
সাত (?) কাণ্ড ৰামায়ণ পদবন্ধে নিবন্ধিলোঁ।
লম্ভা পৰিহৰি সাৰোদ্ধৃত৷।
মহামাণিক্যৰ বেলে কাব্য-ৰস কিছু দিলোঁ
দুগ্ধক মথিলে যেন ঘৃত॥ ২৪
লঙ্কা কাণ্ড ভাঙনিৰ সামৰণিt মাধৱ কন্দলীয়ে নিজৰ এইফেৰা চিনাকি দিছে। কিন্তু ইমানেই; ইয়াৰ বাহিৰে এই পুৱতী ভোটাৰ সকলো, পৰিচয় আন্ধাৰে ঢকা! সৰহ নালাগে, তেওঁৰ পৃষ্টপোষক “বৰাহ ৰাজা” মহামাণিক্য ততোধিক তমসাবৃত!
“কথা-চৰিত’’ মতে, অনন্ত কন্দলীৰ ৰামায়ণ ওলোৱাত স্বপ্নত মাধৱ কন্দলীয়ে তেওঁক, অৰ্থাৎ তেওঁৰ ৰামায়ণখন, ৰক্ষা কৰিবলৈ শঙ্কৰদেৱক মিনতি জনালে। মাধৱ কন্দলীৰ ৰামায়ণত আদি কাণ্ড আৰু উত্তৰা কাণ্ড নোহোৱাত শঙ্কৰদেযৱে নিজে “গোৰ’’ত ধৰি উত্তৰা কাণ্ড লিখি “বঢ়াৰ পো’’ক “আগত” ধৰি “আদিকাণ্ড” লিখিবলৈ দি “মিতা’’কৰ ৰামায়ণ সাতকাণ্ড কৰিছিল; ই সুনিশ্চিত।
তেন্তে মাধৱ কন্দলীয়ে আদিতেও পাঁচ কাণ্ডহে ৰচিছিল নে কি? কোনোৱে কয় তেওঁৰ আদিকাণ্ড উত্তৰাকাণ্ড আহোম-কছাৰীৰ মাৰণৰ কালত হেৰাল। কোনোৱে আকৌ শঙ্কৰদেৱ-মাধৱদেৱৰ কালতে নোহোৱা এই দুই কাণ্ড এতিয়া বিচাৰি বা সাজি উলিয়াই মাধৱ কন্দলীৰ মৰ্য্যাদা ৰক্ষা কৰিব খোজে। তদুপৰি নিৰপেক্ষ আন এশ্ৰেণী পণ্ডিতৰ মতে মূল বাল্মীকি ৰামায়ণৰ দৰেই মাধৱ কন্দলীৰ ৰামায়ণ পাঁচ কাণ্ডত সম্পূৰ্ণ হৈছিল। লঙ্কা কাণ্ডৰ শেষত উক্ত আযত্ম-পৰিচয় দি সামৰণি মৰা কথাই তৃতীয় মতটো আৰু গধুৰ কৰে। “পাঁচ কাণ্ড ৰামায়ণ, পদ বন্ধে নিবন্ধিলোঁ” বুলিলেও পদৰ কোনো খতি-খুন