পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/১০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১০০
অসমীয়া সাহিত্যৰ অধ্যয়ন


নহয়; গতিকে “পাঁচ” পাছত “সাত’’ হোৱাত আচৰিত হব লগাও একো নাই। এই বিচাৰো অতি লাগতিয়াল নহয়।

 অকল আদি-কাণ্ড উত্তৰা-কাণ্ড নৱকৈ লিখি জোৰা দিয়াই নহয়, মাধৱ কন্দলীৰ 'শুভ শুভ’’ সামৰণি গুচাই তাত বৈষ্ণৱ ভণিতাৰ “আঁচু ফুল’’ মাধৱদেৱে লগাই দিয়াও কথা-গুৰুচৰিতে প্ৰমাণিত কৰে। তদুপৰি কন্দলী মাধৱৰ পাঁচ কাণ্ড ৰামায়ণ থকা সত্ত্বেও নহয়, থকা হেতুকেহে, কন্দলী অনন্তই হে আকৌ সেই পাঁচ কাণ্ড ৰামায়ণ ভাঙনি কৰিব লগা হল, ইও একে ৰহস্যপূৰ্ণ; আৰু কন্দলী অনন্তই নিজেই সেই বহুতৰ সম্ভেদ দিছে—

মাধৱ কন্দলী বিৰচিলা ৰামায়ণ।
তাক শুনি আমাৰ আকুল কৰে মন॥
ৰামৰ সামান্য সন্ত কথা যথাৱত।
ভজনীয় গুণ যত নভৈল বেকত॥
এতেক যতন কৰোঁ ভকতিৰ পদে।
নুবুলিবা নিন্দা সদা শুনা সভাসদে॥

কন্দলী অনন্তৰ এই কথাৰ সত্যতা কন্দলী মাধৱৰ নিজ ৰচনা কিষ্কিন্ধ্যা কাণ্ডৰ সামৰণিত পোৱা হয়, “দেযৱ বাণী” ৰূপে নহয় “লৌকিকসে কথা’’ বুলিহে ৰাম-কথা কৈছে—

“কবিসৱ নিবন্ধয় লোক ব্যৱহাৰে।
কতো নিজ কতো লম্ভা কথা অনুসাৰে।
দেৱ-বাণী মুহি ইটো লৌকিক সে কথা।
এতেকে ইহাৰ দোষ নলৈবা সৰ্বথা॥ ২৬|৭৮

ৰিজনি নহলেও, কৃত্তিবাসৰ বঙলা ৰামায়ণক মাধৱ কন্দলীৰ ৰামায়ণৰ শাৰীত বহুতে বহুৱাব খোজে; ই যেনে অৱান্তৰ, তেনে অন্যায়। কৃত্তিবাসৰ বাল্মীকি- ৰামায়ণ পঢ়িবৰ জোখাৰেও সংস্কৃত-সাহিত্য-জ্ঞান নাছিল; লোকৰ মুখত তাৰ সাধু শুনি তেওঁ নিজৰ কথা মিলাই বঙালী ৰামায়ণ ৰচিছে বুলি নিজে সৈ কাঢ়িছে—

"কৃত্তিবাস পণ্ডিত বিদিত সৰ্বলোকে।
পুৰাণ শুনিয়া গীত ৰচিলা কৌতুকে॥