পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/১০৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৯৮
অসমীয়া সাহিত্যৰ অধয়য়ন


সৱশেষত পিতা-পুত্ৰৰ ঈশ্বৰ-নিৰীশ্বৰ-বাদৰ যি বিবাদ হয়, সিও জীৱন্ত—

“হিৰণ্যাক্ষে বোলে অৰে শুনৰ বৰ্বৰ।
পুনৰপি নিন্দিলোঁহো তোহাৰ উত্তৰ॥
বোলা যে সৱাৰো গায়ে আছে দামোদৰ।
সৱ লোকে নোহে কিয় তাক সমসৰ॥
কেহো সুখি কেহো দুখি বহুত অন্তৰ।
কেহো কাক বায়ে কেহো কৰয় নফৰ॥
কেহো হস্তি স্কন্ধে চৰে হংস তুলি সেএ।
কেহো কেহো জনে কিয় তৃণক নপাৱে॥
কেহো ভুঞ্জে ঘোল কিয় কেহো ভুঞ্জে খিৰ।
কেহো যে শ্ৰীমন্ত হোয়ে কেহো হোৱে চোৰ॥
একৰ জীবনে হৌক সবাৰে জীৱন।
একৰ মৰণে হৌক সৱাৰো মৰণ॥
একৰ ভোজনে হৌক সবাৰ ভোজন।
তেৱে জানো সৱাতে আছন্ত নাৰায়ণ॥

তদুপৰি “হৰি ৰক্ষা কৰে যাক তাক মাৰে কোনে।” “মোহোৰ বংশত উপজিলা ধূমকেতু।” “আচাৰত ভিন্ন হৰি বিচাৰত এক;’’ আদি কথাবোৰ শঙ্কৰদেৱ মাধৱদেৱৰ অনেক বাক্যৰ দৰেই প্ৰচনৰ উপযোগী।

⸻⸻


পঞ্চ-কাণ্ড পদ-ৰামায়ণ—মাধৱ কন্দলী

“পূৰ্ব কবি অপ্ৰমাদী মাধৱ কন্দলী আদি
 বিৰচিলা পদে ৰাম-কথা।
হস্তীৰ দেখিয়া লাদ শশা যেন ফাৰে মাৰ্গ
 মোৰ ভৈল তেহ্নয় অৱস্থা॥’’ ১৯|৬