নুশুনি ঠালটো কাটিলে, আৰু ঠালে মানুহে আহি মাটিত পৰিল। চৰে কালিদাসক নিবলৈ বহুত চেষ্টা কৰিলে আৰু নানা ধন বস্তুৰ লোভ দেখুৱাই তাক লগত লৈ যাবলৈ সম্মত কৰালে। কালিদাসে দুনাই মাকক খবৰ দিবলৈ নাহি আনন্দত পুলকিত হৈ চবৰ লগে লগে গল। চৰে নি কালিদাসক সভাপণ্ডিতসকলক গতাই দিলে। সভাপণ্ডিতসকলে গোপনে সকলো কথা কালিদাসক ভাঙ্গিছিঙ্গি কলে আৰু ভাল কাপোৰেৰে সজাই পৰাই ৰাজসভাত থিয় কৰি ৰাজকন্যাৰ লগত তৰ্ক কৰিবলৈ অহা বুলি ঘোষণা কৰি দিলে। সভামণ্ডপত আহি নানা জনসমাজৰ সমাবেশ হল। পণ্ডিতসকলে কালিদাসক শিকাই থৈছিল যে, যেয়ে যেতিয়া যি কথাবাৰ্ত্তা সোধে, তাৰ উত্তৰ যেন আকাৰে ইঙ্গিতে দিয়ে আৰু সভাত যেন ধীৰ গম্ভীৰ মূৰ্ত্তি ধৰি মৌনব্ৰত অৱলম্বন কৰি থাকে। ৰাজকন্যা সভাস্থললৈ আহিলত তৰ্ক হল। প্ৰশ্নৰ উত্তৰস্বৰূপে কালিদাসে এবাৰ হাতৰ আঙ্গুলি এটাৰে ভঙ্গি কৰি দেখুৱালে।ইয়াত ৰাজকন্যাই ভাবিলে যে, কালিদাসে এক ঈশ্বৰৰ অস্তিত্ব সম্বন্ধে কৈছে। আকৌ প্ৰশ্ন কৰাত কালিদাসে সেইবাৰ দুটা আঙ্গুলি দেখুৱালে। এইবাৰ ৰাজকন্যাই ভাবিলে যে, এখেত ২য় ঈশ্বৰ স্বৰূপ। ৰাজকন্যাই বুজাৰ বাহিৰেও কালিদাসৰ ইঙ্গিতক পণ্ডিতসকলে নানা ভাবে কঠিন আৰু গূঢ় অৰ্থ বাহিৰ কৰি সভাত ভাঙ্গি কবলৈ ধৰিলে। ৰাজকন্যাই কালিদাসৰ ইঙ্গিতৰ বেচি অৰ্থ উলিয়াব নোৱাৰিলে। কন্যাই হাৰ মানিলে আৰু