পৃষ্ঠা:অসমীয়া সাহিত্য-সম্পদ.djvu/১১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৫
কালিদাস ।


কেইটামান শুকান ঠাল ভাঙ্গি আনিবলৈ কলে। মাকৰ কথামতে কালিদাসে শুকান ঠাল ভাঙো বুলি গছত উঠিল। এই গছত উঠি থকা অৱস্থাত কালিদাস এজনৰ বিশেষ চকুলৈ আহে। এনেকুৱা এটা কিংবদন্তি আছে যে, কালিদাসৰ এই কালত মণিকেশ্বৰ নামেৰে এজন ৰজাই গৌড়দেশ শাশন কৰিছিল। সেই ৰজাৰ এজনী দীপ্ লিপ্ কন্যা আছিল। কন্যাটিয়ে নানা শাস্ত্ৰত ব্যুৎপত্তি লাভ কলিছিল। এই কন্যাটিয়ে পণ কৰিছিল যে, যেয়ে তেওঁক ঘটুৱাব পাৰিব, তেওঁ তালৈকে বিয়া সোমাব। এই পণ দেশ বিদেশত প্ৰচাৰ হল। নানা ঠাইৰ পৰা নানা পণ্ডিত আহি কন্যাটিৰ লগত বাদ্‌বিতণ্ডা কৰিবলৈ ধৰিলে। একোপিনেই কন্যাটিক কেৱেঁ হাৰ মনাব নোৱাৰে। সকলো পণ্ডিত, সজ্জন মহা লাজত পৰিল। পিচত ৰজাৰ সভাপণ্ডিত সকলৰ খং উঠি কন্যাটিক ছল কৰি এজন যধা মূৰ্খৰ লগত বিয়া দিবলৈ ফিকিৰ কৰিলে। মূৰ্খ বিচাৰিবৰ নিমিত্তে গুপ্তভাবে দস্তুৰ মতে চৰ নিযুক্ত হল। চৰ আহি এই কালিদাস উঠি থকা গছৰ তল পালেহি। গছৰ তল পাই ডালত কোবোৱা ঠক্ঠকনি শব্দ শুনি ওপৰৰ পিনে চাই দেখে যে এজন মানুহে এডাল শুকান ঠালৰ আগত উঠি, সি উঠা ঠালটোৰ গুৰিত কাটিবলৈ ধৰিছে। চৰে দেখিয়ে ভাবিলে যে, ইয়ে যধা মূৰ্খ। নহলে ই উঠি থকা ঠালটো কাটিব কিয়? ই অৱশ্যে কাণ্ডজ্ঞানৰহিত, তেতিয়া চৰে এই কথা মনতে গুণি কালিদাসক গছৰপৰা নামি আহিবলৈ কলে। কিন্তু কালিদাসে তাৰ কথা