পৃষ্ঠা:অসমীয়া ল'ৰাৰ ব্যাকৰণ.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ৪ ]

 অ আ হ এই তিনটাৰ উচ্চাৰণৰ ঠাই কণ্ঠ এই দেখি এই বিলাকক কণ্ঠ্য বৰ্ণ বোলে।

 ক খ গ ঘ ঙ এই পাঁচটাৰ উচ্চাৰণৰ ঠাই জিহ্বামূল, এই নিমিত্তে এই কেইটাক জিহ্বামূলীয় বৰ্ণ বোলে৷

 ই ঈ চ ছ জ ঝ ঞ য শ এই বিলাকৰ উচ্চাৰণৰ স্থান তালু, এই হেতুকে এই কেইটাক তালব্য বৰ্ণ বোলে৷

 ঋ ৠ ট ঠ ড ঢ ণ ৰ য এই বৰ্ণ কেইটাণ উচ্চাৰণ মুৰ্দ্ধা অৰ্থাৎ মূৰৰ পৰা হয় দেখি এই বিলাকক মূৰ্দ্ধণ্য বৰ্ণ বোলে৷

 ঌ ৡ ত থ দ ধ ন ল স এই বিলাকৰ উচ্চাৰণৰ ঠাই দন্ত, সেই নিমিত্তে এই কেইটাক দন্ত্য বৰ্ণ বোলে৷

 উ ঊ প ফ ব ভ ম এই কেইটাৰ উচ্চাৰণৰ ঠাই ওষ্ঠ, সেই হেতুকে এই বিলাকক ওষ্ঠ্যবৰ্ণ বোলে৷

 ও ঔ এই দুইটাৰ উচ্চাৰণ কণ্ঠ আৰু ওষ্ঠৰ পৰা হয় দেখি এই দুটাক কণ্ঠৌষ্ঠ্য বৰ্ণ বোলে৷

 এ ঐ এই দুই বৰ্ণৰ উচ্চাৰণৰ ঠাই কণ্ঠ আৰু তালু, সেই দেখি এই দুটাক কণ্ঠতালব্য বৰ্ণ বোলে৷