পৃষ্ঠা:অসমীয়া ল'ৰাৰ ব্যাকৰণ.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ৫ ]

 ৱ বৰ্ণৰ উচ্চাৰণ দন্ত আরু ওষ্ঠৰ পৰা হয় দেখি ইয়াক দন্তৌষ্ঠ্য বৰ্ণ বোলে৷

 নাসিকাৰ সহায় নহলে ং ঙ ঞ ণ ন ম উচ্চাৰিত হব নোৱাৰে দেখি এই বিলাকক অনুনাসিক বৰ্ণ বোলে৷

 বিসৰ্গৰ উচ্চাৰণৰ কোন নিৰ্দিষ্ট ঠাই নাই; যি স্বৰং পাছত থাকে, তাৰ উচ্চাৰণৰ ঠাইহে বিসৰ্গৰ উচ্চাৰণৰ ঠাই৷

 সকলো বৰ্গৰ প্ৰথম আরু তৃতীয় বৰ্ণক অল্প প্ৰাণ এবং দ্বিতীয় আরু চতুৰ্থ বৰ্ণক মহাপ্ৰাণ বৰ্ণ বোলে৷ অল্প প্ৰাণ বৰ্ণৰ উচ্চাৰণ কোমল আরু মহাপ্ৰাণ বৰ্ণৰ উচ্চাৰণ কঠিন৷ ক, গ, চ, জ, ট, ড, ত, দ, প ও ব এই বিলাক অল্পপ্ৰাণ বৰ্ণ, রু খ, ঘ, ছ, য, ঠ, , থ, ধ, ফ আৰু ভ এই বিলাক মহাপ্ৰাণ বৰ্ণ৷

 অসমীয়া ভাষাত অকাৰৰ দুবিধ উচ্চাৰণ হয়৷ তাৰ এবিধ কণ্ঠ এবিধ কণ্ঠৌষ্ঠ্য৷ মৰা ( মৃত-অৰ্থত্‌‌‌‌) মহ ( মশক অৰ্থত) ইত্যাদি ঠাইত কণ্ঠ্য উচ্চাৰণ রু ম’ৰা ( ময়ূৰ অৰ্থত ) ম’হ (মহিষ


● ঋৰ উচ্চাৰণ প্ৰায় অল্প প্ৰাণ বৰ্ণৰ দৰে হয়৷