[ ৩ ]
টবৰ্গ, ত থ দ ধ ন তবৰ্গ, প ফ ব ভ ম পবৰ্গ৷ য ৰ ল ৱ এই কেইটাক অন্তঃস্থ বৰ্ণ বোলে৷
যি যি আখৰ বৰ্গৰ যি ঠাইত আছে, সেই অনুসাৰেও সিবিলাকৰ নাম হয়৷ যেনে; কবৰ্গৰ৷ প্ৰথম বৰ্ণ বুলিলে ক, দ্বিতীয় বুলিলে খ, তৃতীয় বুলিলে গ, চতুৰ্থ ঘ, পঞ্চম ঙ বুঝায়৷ এই দৰে৷ আন আন বৰ্গৰো জানিবা৷
আগত কোৱা বৰ্ণ বিলাক কণ্ঠ (ডিঙ্গি) জিহ্বামূল, তালু, মূৰ্দ্ধা ( মূৰ ) দন্ত ( দাঁত ) আৰু ওষ্ঠ ( ওঁঠ ) এই কেই ঠাইৰ পৰা উচ্চাৰণ হয়৷ যি ঠাইৰ পৰা যিটোৰ উচ্চাৰণ হয় সেই ঠাইৰ নাম অনুসাৰেও তাৰ এটা নাম হ’ই থাকে৷ যেনে৷ কণ্ঠৰ পৰা যাৰ উচ্চাৰণ সি কণ্ঠ্য, তালুৰ পৰা যাৰ উচ্চাৰণ সি তালব্য ইত্যাদি৷
যি ঠাইৰ পৰা যি আখৰৰ উচ্চাৰণ আৰু সেই দেখি যাব যি নাম হইছে, তাক তলত লিখা গ’ল৷
● অসমীয়া ভাষাৰ মূল সংস্কৃত; সংস্কৃতৰ বৰ্ণমালা হে ইয়াৰ বৰ্ণমালা, সেই দেখি সংস্কৃতৰ দৰে ইয়াৰ উচ্চাৰণ লিখা গ’ল৷ কিন্তু অসমীয়াৰ দৰে, কিছু লৰ চৰ হয়৷