পৃষ্ঠা:অসমীয়া ল'ৰাৰ ব্যাকৰণ.pdf/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ২ ]

 ইয়াৰ অকে আদি কৰি ঔলৈকে বৰ্ণ কেইটা আপুনি উচ্চাৰিত হব পাৰে দেখি তাক স্বৰবৰ্ণ আরু আন বিলাক স্বৰৰ সহায় নোহোৱাকৈ উচ্চাৰিত হব নোৱাৰে দেখি সেই বিলাকক ব্যঞ্জনবৰ্ণ বোলে৷

 সেই স্বৰৰ অ ই উ ঋ ঌ এই কেইটা হ্ৰস্ব, আন কেইটা দীৰ্ঘ৷ উচ্চাৰণৰ কাল অনুসাবে হ্ৰস্ব৷ আরু দীৰ্ঘ বোল যায়৷ অং আৰু অঃ এই দুইটী স্বৰ ন হয়, কেবল অনুস্বাৰ আৰু বিসৰ্গৰ উচ্চাৰণ কৰিবলৈ ব্যৱহাৰ কৰা গ’ইছে৷ এই অনুস্বাৰ আরু বিসৰ্গৰ আন স্বৰৰ পাছেও উচ্চাৰণ হয়৷ ক্ষ আপুনি এটা আখৰ ন হয়৷ ক আৰু ষ যুক্ত হই হইছে৷ ড আরু ঢ কঠিনরূপে উচ্চাৰণ হ’লে ড় আৰ ঢ় হয়৷ য় য বৰ্ণৰ আন প্ৰকাৰৰ উচ্চাৰণ৷ হোৱা বৰ্ণ৷ ঁ চন্দ্ৰবিন্দু নিজে কোনো বৰ্ণ ন হয়, অন বৰ্ণৰ লগত থাকিলে তাক নাকেৰে উচ্চাৰণ কৰিব লগা বুঝায়৷

 ব্যঞ্জনবৰ্ণৰ ক আদি মলৈকে পাঁচটী এ পাঁচটী এ এটা এটা বৰ্গ হয়৷ যেনে; ক খ গ ঘ ঙ এই পাঁচটা কবৰ্গ, চ ছ জ বা ঞ চবৰ্গ, ট ঠ ড ঢ ণ